আলগাপুৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ডঃ মুহূৰ্ততে ভস্মীভূত তিনিখন দোকান ক্ষতি প্ৰায় এক কোটি টকা
প্ৰীতম দাস হাইলাকান্দি ২৯ এপ্ৰিল: হাইলাকান্দি জিলাৰ আলগাপুৰ বজাৰত পুৱা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাত সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। বুধবাৰে পুৱা প্ৰায় ৫ বজাত বজাৰ এলেকাৰ মছজিদৰ কাষত অৱস্থিত তিনিখন গালামালৰ দোকানত হঠাৎ অগ্নিকাণ্ডৰ সূচনা হয়। অতি কম সময়ৰ ভিতৰতে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি দোকানসমূহ সম্পূৰ্ণৰূপে ভস্মীভূত কৰে। প্ৰাথমিকভাৱে অনুমান কৰা হৈছে যে শৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূচনা হৈছে।স্থানীয় বাসিন্দাসকলে জুইৰ লেলিহান শিখা প্ৰত্যক্ষ কৰি তৎক্ষণাৎ দমকল বাহিনীক খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে হাইলাকান্দিৰ পৰা দুটা দমকল বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা আৰম্ভ কৰে। কিন্তু জুইৰ তীব্ৰতা অত্যধিক হোৱাৰ ফলত প্ৰথম পৰ্যায়তে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল। জুই ক্ৰমে আশপাশৰ অঞ্চললৈ বিস্তাৰৰ আশংকা দেখা দিয়াত পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰে।পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ পাছত কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ পৰা আন এখন দমকল গাড়ী মাতি অনা হয়। অতিৰিক্ত দমকল বাহিনী উপস্থিত হোৱাৰ পাছত সমন্বিত প্ৰচেষ্টাৰে দীৰ্ঘ সময় ধৰি চেষ্টা চলাই অৱশেষত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হয়। দমকল কৰ্মীসকলৰ তৎপৰতাৰ লগতে স্থানীয় ৰাইজৰ সহযোগিতাত এক বৃহৎ বিপৰ্যয়ৰ পৰা অঞ্চলটো ৰক্ষা পায়।এই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত দোকানসমূহৰ গৰাকী হিচাপে বাপ্পা পাল ৰানা পাল আৰু পান্না পালৰ নাম জানিব পৰা গৈছে। প্ৰতিখন দোকানত থকা বিপুল পৰিমাণৰ গালামাল নগদ ধন আৰু অন্যান্য মূল্যৱান সামগ্ৰী জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয়।প্ৰাথমিকভাৱে ক্ষয়ক্ষতিৰ পৰিমাণ প্ৰায় এক কোটি টকা বুলি অনুমান কৰা হৈছে যদিও সঠিক ক্ষতিৰ পৰিমাণ আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।ঘটনাৰ পিছত অঞ্চলটোত শোক আৰু আতংকৰ পৰিৱেশ সৃষ্টি হৈছে। ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলে মুহূৰ্ততে সর্বস্ব হেৰুৱাৰ কথা ব্যক্ত কৰি শীঘ্ৰে চৰকাৰী সহায় আৰু উপযুক্ত ক্ষতিপূৰণ দাবী কৰিছে। স্থানীয় ব্যৱসায়ী মহলতো এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰা হৈছে।
যদিও এই অগ্নিকাণ্ডত কোনো লোকহানিৰ খবৰ পোৱা হোৱা নাই তথাপি অগ্নিকাণ্ডৰ সঠিক কাৰণ নিৰ্ণয়ৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। ভৱিষ্যতে এনে ঘটনা পুনৰ নঘটিবলৈ বজাৰ এলেকাত অগ্নিনিৰ্বাপণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দাবীও স্থানীয় ৰাইজে উত্থাপন কৰিছে।
আলগাপুৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ডঃ মুহূৰ্ততে ভস্মীভূত তিনিখন দোকান ক্ষতি প্ৰায় এক কোটি টকা
Lucknow
overcast clouds
30
°
C
30
°
30
°
67 %
1.6kmh
95 %
Tue
36
°
Wed
36
°
Thu
35
°
Fri
35
°
Sat
35
°

