34.1 C
New Delhi
Friday, May 1, 2026
spot_img
Homeঅসমবাগানত পাত তুলি চেপনৰ অনিমেষ মুড়াই উচ্চতৰ মাধ্যমিকত ৫ টাকৈ বিষয়ত লেটাৰ...

বাগানত পাত তুলি চেপনৰ অনিমেষ মুড়াই উচ্চতৰ মাধ্যমিকত ৫ টাকৈ বিষয়ত লেটাৰ নম্বৰ লাভ কৰি দেখুৱালে সফলতা

বাগানত পাত তুলি চেপনৰ অনিমেষ মুড়াই উচ্চতৰ মাধ্যমিকত ৫ টাকৈ বিষয়ত লেটাৰ নম্বৰ লাভ কৰি দেখুৱালে সফলতা

চেপন দুৰ্নীতি দৰ্পণ প্ৰতিবেদন ২৯ এপ্ৰিল :- মঙ্গলবাৰে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক ফলাফলত চেপনৰ নাহৰতলী গাঁও‌ এজন‌ ছাত্ৰই দৰিদ্ৰতাক নেওচি ৫ খনত লেটাৰ লৈ উত্তীৰ্ণ হয় । প্ৰৱল ইচ্ছা শক্তি থাকিলে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতাই কেতিয়াও হেঙাৰ সৃষ্টি কৰিব নোৱাৰে তাকেই যেন প্ৰমাণ কৰি দেখুৱালে অনিমেষ মুড়াই । প্ৰয়াত বুধু মুড়া আৰু মাতৃ মৃদুলা মুড়াৰ পুত্ৰ অনিমেষ মুড়াই পাটসাকোঁ চিনিয়ৰ চেকেণ্ডৰী কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে । ছাত্ৰজনে কলেজ বন্ধ পালেই নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ দিন হাজিৰা কৰি ঘৰখন লগতে নিজৰ পঢ়া খৰচ উলিয়াই লৈছিল ৷ অনিমেষৰ ঘৰলৈ ৭ বছৰ আগত এজাক আহিছিল ধুমুহা য’ত পিতৃ বুধু মুড়াই এই পৃথিৱীৰ পৰা লৈছিল বিদায় । কিন্তু পিতৃক হেৰুৱা যন্ত্ৰণা বুকুত লৈ আগুৱাই গৈছিল মৃদুলা মুড়া দুই সন্তান৷ মাতৃয়েও দিন হাজিৰা কৰি দুই পুত্ৰক আগুৱাই নিবলৈ চেষ্টা কৰি আহিছিল ভৱিষ্যতে এজন ভাল মানুহ কৰা ৷ অনিমেষে এজন শিক্ষক হোৱাৰ সপোন মনত পুহি ৰাখিছে৷ নিজ পুত্ৰৰ সাফল্যত মাক এফালে যেনেকৈ আনন্দিত হৈছে আন এক দিশত তেওঁ চিন্তিত হৈ পৰিছে । শিক্ষক হোৱাৰ সপোন দেখা ছাত্ৰজনক শিক্ষা দিবৰ বাবে সামথ্য নাই পৰিয়ালটোৰ । সেয়ে ছাত্ৰ জনক কিছু সহায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে মাতৃয়ে ।

RELATED ARTICLES
Lucknow
haze
32 ° C
32 °
32 °
45 %
3.1kmh
20 %
Fri
37 °
Sat
41 °
Sun
39 °
Mon
39 °
Tue
37 °

Most Popular