40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহযোগত মানকটা শতদল শাখা সাহিত্য সভাৰ আতিথ্যত কেন্দ্ৰীয়...

ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহযোগত মানকটা শতদল শাখা সাহিত্য সভাৰ আতিথ্যত কেন্দ্ৰীয় কুঁহি অনুষ্ঠান

ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহযোগত মানকটা শতদল শাখা সাহিত্য সভাৰ আতিথ্যত কেন্দ্ৰীয় কুঁহি অনুষ্ঠান

দুৰ্নীতিৰ দৰ্পণ,প্ৰশান্ত শইকীয়া, ডিব্ৰুগড় ,২৩ মাৰ্চ: ডিব্ৰুগড়ত পাচঁদিনীয়া বৰ্ণাঢ‍্য কাৰ্য‍্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে কেন্দ্ৰীয় কুঁহি অনুষ্ঠান। ২২ৰ পৰা ২৬ জুলাইলৈকে ডিব্ৰুগড় মানকটাস্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠানটি অনুষ্ঠিত হ’ব । অসম সাহিত্য সভাই নিজৰ ভাষা সাহিত‍্যৰ প্ৰতি সৰুৰে পৰাই দায়বদ্ধ কৰাৰ ক্ষেত্ৰত অসম সাহিত‍্য সভাই শিশু আৰু কিশোৰ- কিশোৰী সকলৰ স্ব-প্ৰতিভা বিকাশৰ গুৰুত্বপূৰ্ণ মঞ্চখনি হৈছে “কুঁহি”। প্ৰতিষ্ঠা কালৰে পৰাই এই মঞ্চই বিভিন্ন ‍ধৰণেৰে শিশু কিশোৰ- কিশোৰী সকলক ভাষা সাহিত‍্য আৰু সংস্কৃতিৰ প্ৰতি দায়বদ্ধ কৰি তুলিবলৈ প্ৰয়াস কৰি আহিছে । বিগত বৰ্ষসমূহত কেন্দ্ৰীয় কুঁহি উপসমিতিৰ ব্যৱস্থানাত এই অনুষ্ঠান অনুষ্ঠিত কৰি অহাৰ দৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহযোগত হ’ব লগা অনুষ্ঠানটিৰ কাৰ্যসূচীসমূহ পৰিচালিত কৰিবলৈ মানকটা শতদল শাখা সাহিত‍্য সভাৰ অস্থায়ী কাৰ্য‍্যালয়ত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত কেন্দ্ৰীয় কুঁহি অনুষ্ঠানে অসম সাহিত‍্য সভালৈ প্ৰতিবেদন দাখিল কৰা সন্দৰ্ভত আলোচনাত কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মানকটা শতদল শাখা সাহিত‍্য সভাৰ প্ৰতিষ্ঠা দিৱস আৰু অসম সাহিত‍্য সভা কেন্দ্ৰীয় কুঁহি অনুষ্ঠানৰ গোহাৰি আৰু ৰচিদ বহী সভাত উন্মোচন কৰা হয়। মানকটা শতদল শাখা সাহিত্য সভাৰ সভাপতি কুসুম সোনোৱাল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য নোমল গগৈয়ে আনুষ্ঠানিক ভাৱে গোহাৰি উন্মোচন কৰে । মানকটা শতদল শাখাৰ সম্পাদক নৱনীতা শ্যামে আতঁধৰা সভাৰ আৰম্ভনিতে অসম সাহিত্য সভাৰ শীৰ্ষগীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’- গীতেৰে আৰম্ভ কৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ কুঁহিৰ আহ্বায়ক প্ৰশান্ত শইকীয়া উপস্থিত থাকি কেন্দ্ৰীয় অনুষ্ঠানৰ কাৰ্যপন্থাৰ ওপৰত বক্তব্য ৰাখে আৰু অনুষ্ঠানৰ নীতিগত নিয়মাৱলী ওপৰত পৰামৰ্শ আগবঢ়ায়। আনহাতে পাচঁদিনীয়া বৰ্ণাঢ‍্য কাৰ্য‍্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা এই অনুষ্ঠানত জনগোষ্ঠীয় কলা-কৃষ্টি দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হব বুলি উল্লেখ কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰ, জ‍্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা বিষয়ক সামৰি কাৰ্যসূচী হাতত লোৱা কথা সদৰি কৰে । ইয়াৰ ওপৰিও শিশুসকলৰ দ্বাৰা এই বৰ্ণাঢ‍্য কাৰ্য‍্যসূচীত সন্ধিয়াৰ ভাগত শিশু ভাওনা প্ৰদৰ্শন কৰা হব। অনুষ্ঠানৰ প্ৰথম দিনা মানকটা শতদল শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস আৰু ৰংমন দিৱস উদযাপন কৰা হব। অনুষ্ঠানৰ কাৰ্যসূচী সমূহ পৰিচালানা কৰিবলৈ ইতিমধ্যে- কুসুম সোনোৱাল শইকীয়াক সভাপতি, পূৰ্ণকান্ত হাজৰিকাক উপ-সভাপতি, নৱনীতা শ্যাম উৰঙীয়া সম্পাদক, দীপৰেখা সোনোৱাল আৰু পৰমানন্দ নাথক সহকাৰী সম্পাদক, ভদ্ৰেশ্বৰ গগৈ আৰু শান্তনু কোঁচ,অৰূপ শইকীয়াক ব্যৱস্থাপনা সমম্বয়ক, প্ৰশান্ত শইকীয়া, ভাস্কৰজ্যোতি বড়াক প্ৰচাৰ উপ- সমিতিৰ আহ্বায়ক, কুশল কোঁৱৰক সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক,অনুপম দত্ত, থানুৰাম সোনোৱাল, ভাওনা উপ- সমিতিৰ ব্যৱস্থাপনা আহ্বায়ক, ৰবীন বড়া,চলিন চন্দ্ৰ বৰুৱাক স্মৃতিগ্ৰন্থ আহ্বায়ক, অনিমা বৰা সোনোৱাল,বণাৰ্লী বৰুৱা, আহ্বায়ক ৰামধেনু, মনোৰমা বাথৌ ,অঞ্জনা দেউৰী,আহ্বায়ক আকাশ, হিমেন শইকীয়া,ৰূপক জ্যোতি গগৈ, আহ্বায়ক কুঁহি, অৰুণিমা বৰুৱা, ৰিনু বৰগোহাঞিক কবি সন্মিলনৰ ব্যৱস্থাপক হিচাপে লৈ এখনি শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। মানকটা শতদল শাখা সাহিত্য সভাৰ সভাপতি কুসুম সোনোৱাল শইকীয়া সম্পাদক,নৱনীতা শ্যাম উৰঙীয়া, প্ৰচাৰ সম্পাদক প্ৰশান্ত শইকীয়াই সমূহ সাহিত্য-সংস্কৃতি প্ৰেমী ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular