30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমতিনিচুকীয়া জিলাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু মজুত সম্পৰ্কত জিলা পৰ্যায়ৰ টাস্ক ফৰ্চৰ...

তিনিচুকীয়া জিলাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু মজুত সম্পৰ্কত জিলা পৰ্যায়ৰ টাস্ক ফৰ্চৰ বৈঠক সম্পন্ন

তিনিচুকীয়া জিলাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু মজুত সম্পৰ্কত জিলা পৰ্যায়ৰ টাস্ক ফৰ্চৰ বৈঠক সম্পন্ন

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ২১ মেঃ তিনিচুকীয়া জিলাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু মজুত সম্পৰ্কীয় জিলা পৰ্যায়ৰ টাস্ক বৈঠক বৃহস্পতিবাৰে জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । জিলা আয়ুক্ত গৰাকীয়ে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে দায়বদ্ধতা আৰু জনসেৱাৰ মনোভাৱেৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। তেখেতে কয় যে পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিৰ অচিলাৰে কোনো ব্যৱসায়ীয়ে অবাঞ্চিত সুযোগ সুবিধা যাতে লাভ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। তেখেতে সকলো পাইকাৰী আৰু খুচুৰা বিক্ৰেতা প্ৰতিষ্ঠানত মূল্য সূচী নিশ্চিতভাৱে আৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকল নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ ওপৰত সতৰ্ক দৃষ্টি ৰখাৰ লগতে সামগ্ৰীৰ আন্তঃৰাজ্যিক সৰবৰাহ, সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত সক্ৰিয় চিচিটিভি কেমেৰা সংস্থাপন, সৰ্বসাধাৰণ ৰাইজৰ সহায় হোৱাকৈ বিনামূলীয়া সহায়ক নম্বৰ প্ৰৱৰ্তন কৰিবলৈ তেখেতে সংশ্লিষ্ট বিভাগৰ বিষয়া সকলক নিৰ্দেশ দিয়ে। বৃহস্পতিবাৰৰ সভাত অতিৰিক্ত আয়ুক্ত পংকজ কুমাৰ নাগবংশী, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাস, ড০ দিগন্ত বৰুৱা, সহকাৰী আয়ুক্ত প্ৰণামী গগৈ,খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ সঞ্চালক বিৰিঞ্চি কুমাৰ দত্ত, জিলা কৃষি বিষয়া ৰজীৱ দত্ত প্ৰমুখ্যে শীৰ্ষ বিষয়াবৰ্গ উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular