36.3 C
New Delhi
Saturday, August 1, 2026
spot_img
Homeঅসমতিনিচুকীয়া নিৰ্বাচনী জিলাত ৬টা বিধানসভা সমষ্টিৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ বুজ লয় সাধাৰণ...

তিনিচুকীয়া নিৰ্বাচনী জিলাত ৬টা বিধানসভা সমষ্টিৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ বুজ লয় সাধাৰণ পৰ্যবেক্ষকে, পৰিদৰ্শন কৰে ষ্ট্ৰং ৰুম আৰু ভোটগ্ৰহণ কেন্দ্ৰ

তিনিচুকীয়া নিৰ্বাচনী জিলাত ৬টা বিধানসভা সমষ্টিৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ বুজ লয় সাধাৰণ পৰ্যবেক্ষকে, পৰিদৰ্শন কৰে ষ্ট্ৰং ৰুম আৰু ভোটগ্ৰহণ কেন্দ্ৰ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ১৯ মাৰ্চঃ তিনিচুকীয়া নিৰ্বাচনী জিলাত ইতিমধ্যে উপস্থিত হোৱা দুয়োগৰাকী সাধাৰণ পৰ্যবেক্ষক ক্ৰমে তিনিচুকীয়া, ডুমডুমা আৰু শদিয়া বিধানসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক ডাঃ অভিনভ তৃখা আৰু মাৰ্ঘেৰিটা, ডিগবৈ আৰু মাকুম বিধানসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক মিতালী নামচুমে আজি তেওঁলোকৰ নিৰ্ধাৰিত বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াসকলৰ সৈতে মিলিত হৈ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সবিশেষ বুজ লয়৷ ইয়াৰ পাছতে দুয়োগৰাকী পৰ্যবেক্ষকে জনতা মহাবিদ্যালয় আৰু সৰ্বানন্দ সিংহ SAI ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে৷ আনহাতে তিনিচুকীয়া, ডুমডুমা আৰু শদিয়া বিধানসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক ডাঃ অভিনভ তৃখাই তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি যাৱতীয় সা-সুবিধাৰ বুজ লয়৷ একেদৰে মাৰ্ঘেৰিটা, ডিগবৈ আৰু মাকুম বিধানসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক মিতালী নামচুমেও মাকুম আৰু ডিগবৈ বিধানসভা সমষ্টিৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি ভোটগ্ৰহণৰ যাৱতীয় সা-সুবিধাৰ বুজ লয়৷

RELATED ARTICLES
Lucknow
overcast clouds
36 ° C
36 °
36 °
42 %
3.9kmh
93 %
Sat
36 °
Sun
38 °
Mon
35 °
Tue
29 °
Wed
29 °

Most Popular