41.1 C
New Delhi
Sunday, April 26, 2026
spot_img
Homeঅসমতিনিচুকীয়া নিৰ্বাচনী জিলাত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ হোম ভোটিং প্ৰক্ৰিয়া

তিনিচুকীয়া নিৰ্বাচনী জিলাত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ হোম ভোটিং প্ৰক্ৰিয়া

তিনিচুকীয়া নিৰ্বাচনী জিলাত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ হোম ভোটিং প্ৰক্ৰিয়া
পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ২ এপ্ৰিলঃ জনপ্ৰতিনিধিত্ব আইন ১৯৫১ ৰ ধাৰা ৬০(c) অনুসৰি ৮৫ বছৰৰ উৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটাৰসকলে ঘৰতেই পোষ্টেল বেলটৰ মাধ্যমেৰে ভোটদান কৰিব পাৰিব৷ সেই অনুসৰি সমাগত বিধানসভা নিৰ্বাচন ২০২৬ ৰ বাবে তিনিচুকীয়া নিৰ্বাচনী জিলাত ১৪২৪ গৰাকী ৮৫ বছৰৰ উৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটাৰক ঘৰতে পোষ্টেল বেলটৰ জৰিয়তে ভোটদানৰ বাবে অনুমোদন দিয়া হৈছে৷ এইসকল ৮৫ বছৰৰ উৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটাৰৰ বাবে প্ৰথম পৰ্যায়ৰ গৃহ ভোটিং প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন হোৱাৰ পাছত আজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গৃহ ভোটিং প্ৰক্ৰিয়া৷ উল্লেখযোগ্য যে, ভাৰতৰ নিৰ্বাচনী আয়োগৰ “কোনো ভোটাৰ যাতে বাদ নপৰে“ (No Voter Left Behind) নীতিক সৰোগত কৰি তিনিচুকীয়া নিৰ্বাচন জিলাৰ ছয়টা বিধানসভা সমষ্টিৰ ৮৫ বছৰৰ উৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটাৰে নিজ গৃহৰ পৰাই বহুমূলীয়া ভোট প্ৰদান কৰি এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে পোষ্টেল বেলট’ কোষে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ পুলিং-প্ৰিজাইডিং বিষয়াসকলে প্ৰতিকূল বতৰ তথা বাট-পথ অতিক্ৰম কৰি এইসকল ভোটাৰৰ বাবে হোম ভোটিঙৰ জৰিয়তে ভোটদান নিশ্চিত কৰিছে৷

RELATED ARTICLES
Lucknow
haze
40 ° C
40 °
40 °
22 %
3.6kmh
0 %
Sun
45 °
Mon
46 °
Tue
44 °
Wed
41 °
Thu
36 °

Most Popular