দলপুখুৰী বৰখেলত চাৰিদিনীয়া ভাগৱত পাঠ আৰু ঐতিহ্যমণ্ডিত ভাওনাৰ আয়োজন
ৰিপন দাস, ষ্টাফ ৰিপৰ্টাৰ : হোজাই জিলাৰ দলপুখুৰী বৰখেলত ধৰ্মীয় ভাৱগাম্ভীৰ্য আৰু অসমীয়া সংস্কৃতিৰ অপূৰ্ব সমাহাৰে চাৰিদিনীয়া ভাগৱত পাঠ আৰু ভাওনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অঞ্চলটোত ইতিমধ্যে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ হিচাপে শিৱসাগৰৰ পৰা আমন্ত্ৰিত বিশিষ্ট শিল্পীসকলৰ দ্বাৰা পৰিবেশিত হ’ব “দশৰথৰ স্বৰ্গৰ যাত্ৰা” শীৰ্ষক ভাওনা। অহা দেওবাৰে অনুষ্ঠিত হ’বলগীয়া এই ভাওনাই দৰ্শকক আধ্যাত্মিক আৰু সাংস্কৃতিক অনুভূতিৰে আপ্লুত কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে। ভাগৱত পাঠৰ জৰিয়তে ভক্তিমূলক পৰিৱেশ গঢ়ি উঠাৰ লগতে অসমীয়া ভাওনাৰ মাধ্যমেৰে জাতীয় সংস্কৃতি আৰু ঐতিহ্যৰ সুন্দৰ নিদৰ্শন ৰাইজৰ আগত উপস্থাপন কৰা হ’ব। অনুষ্ঠানস্থলীত প্ৰতিদিনে বহু সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিব বুলি অনুমান কৰা হৈছে। স্থানীয় ৰাইজ আৰু আয়োজক সমিতিৰ মতে, এনে ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানসমূহে সমাজত ঐক্য, সম্প্ৰীতি আৰু আধ্যাত্মিক চেতনাৰ বিকাশ ঘটোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অনুষ্ঠানটোক সফল কৰি তুলিবলৈ সকলো ৰাইজৰ সহায়-সহযোগিতা কামনা কৰাৰ লগতে উপস্থিত থাকিবলৈ সাদৰ নিমন্ত্ৰণ জনোৱা হৈছে।
দলপুখুৰী বৰখেলত চাৰিদিনীয়া ভাগৱত পাঠ আৰু ঐতিহ্যমণ্ডিত ভাওনাৰ আয়োজন
Lucknow
overcast clouds
30
°
C
30
°
30
°
67 %
1.6kmh
95 %
Tue
36
°
Wed
36
°
Thu
35
°
Fri
35
°
Sat
35
°

