ধুবুৰী আৰু গৌৰীপুৰ সংযোগী ৰেল উৰনীয়া সেতুৰ শুভ উদ্বোধন অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাস
দুৰ্নীতিৰ দৰ্পণ, মৃদুল ৰায়, ধুবুৰী, ১৫ মাৰ্চ ২৬ঃ ধুবুৰী আৰু গৌৰীপুৰবাসী ৰাইজৰ দীৰ্ঘদিনীয়া আশাৰ অন্ত পৰিল। উল্লেখ্য যে ধুবুৰী জিলাৰ গৌৰীপুৰৰ বেপাৰীপট্টীস্থিত ধুবুৰী আৰু গৌৰীপুৰ সংযোগী ৰেল উৰনীয়া সেতুটো বিগত দুই বছৰ ধৰি নিৰ্মাণৰ কাম চলি আছিল যদিও কেইবাদিন আগত উৰনীয়া সেতুটোৰ কাম সম্পুৰ্ণৰূপে শেষ হয়। আৰু আজি আবেলি ৩ বজাত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলা অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উক্ত সেতুটো আনুষ্ঠানিকভাবে মুকলি কৰে। আৰু তাৰ লগত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি, ধুবুৰী বিজেপিৰ জিলা সভাপতি ৰঞ্জিত ৰায়, গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, ধুবুৰী পৌৰসভাৰ পৌৰপতি লগতে উপস্থিত থাকে বিজেপি দলৰ বিভিন্ন কাৰ্য্যকতা সকল। এই শুভ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ গৌৰীপুৰ ধুবুৰী সংযোগী উৰনীয়া সেতুৰ ৰঙা ফিতা কাৰি শুভ উদ্বোধন কৰি দিয়।
৯৪০ মিটাৰ দৈৰ্ঘ্যৰ উক্ত উৰনীয়া সেতুটো নিৰ্মানত খৰচ হৈছে প্ৰায় ৭০ কোটি । আৰু মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত মত প্ৰকাশ কৰি কয় যে এই নৱ নিৰ্মিত উৰনীয়া সেতুটোৱ সৰ্ব সাধাৰণ ৰাইজৰ সুবিধাৰ লগতে ধুবুৰী চিকিৎসা মহাবিদ্যালয় অহা যোৱা কৰা ৰোগী আৰু স্কুল, কলেজত অহা যোৱা কৰা ছাত্ৰ, ছাত্ৰী সকলৰ বহুত সুবিধা হব। আৰু কব গলে গৌৰীপুৰবাসীৰ বাবে আজি এক ঐতিহাসিক দিন
ধুবুৰী আৰু গৌৰীপুৰ সংযোগী ৰেল উৰনীয়া সেতুৰ শুভ উদ্বোধন অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাস
Lucknow
scattered clouds
36.5
°
C
36.5
°
36.5
°
25 %
3.8kmh
49 %
Wed
36
°
Thu
42
°
Fri
43
°
Sat
42
°
Sun
44
°

