29.4 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমনগাঁৱৰ ৰাজপথত বাইক চলাই যান-বাহন নিয়ন্ত্ৰণত নামিল জিলা আয়ুক্ত দেৱাশিস শৰ্মা

নগাঁৱৰ ৰাজপথত বাইক চলাই যান-বাহন নিয়ন্ত্ৰণত নামিল জিলা আয়ুক্ত দেৱাশিস শৰ্মা

নগাঁৱৰ ৰাজপথত বাইক চলাই যান-বাহন নিয়ন্ত্ৰণত নামিল জিলা আয়ুক্ত দেৱাশিস শৰ্মা

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ২৩ মাৰ্চ: নগাঁও চহৰত বাইক চলাই আজি যানজঁট নিয়ন্ত্ৰণত নামি পৰা দেখা গ’ল স্বয়ং জিলা আয়ুক্ত দেৱাশিস শৰ্মাক৷ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত নগাঁও চহৰৰ বিভিন্ন পথত ব্যাপক জনসমাগমৰ লগতে তীব্ৰ যান-জঁটৰ সৃষ্টি হয়৷ বিশেষকৈ কলিয়াবৰ-নগাঁও চহৰ সংযোগ পথ আৰু নলতলীৰ পৰা ৰূপহীহাট হৈ নগাঁও চহৰলৈ অহা পথত সৃষ্টি হোৱা এই পৰিস্থিতিৰ বুজ ল’বলৈ নগাঁও জিলা দণ্ডাধীশ তথা জিলা আয়ুক্ত দেৱাশিস শৰ্মাই আজি দুপৰীয়া উক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে৷ প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময় অনুসৰি বিয়লি ৩ বজাৰ আগতেই যাতে মনোনয়ন পত্ৰ দাখিলৰ বাবে আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হ’ব পাৰে, সেইয়া নিশ্চিত কৰিবলৈকে তেখেতে নিজে মটৰচাইকেল চলাই তীব্ৰ যান-জঁট নেউচি প্ৰভাৱিত স্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি কৰ্তব্যৰত আৰক্ষী তথা প্ৰশাসনৰ লোকসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে৷ এই বিশেষ পৰিদৰ্শনৰ সময়চোৱাত জিলা আয়ুক্তগৰাকীক সংগ দিয়ে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস আৰু সহকাৰী জিলা আয়ুক্ত তেজস অগ্নিহোত্ৰীয়ে৷

RELATED ARTICLES
Lucknow
overcast clouds
31.1 ° C
31.1 °
31.1 °
64 %
5.1kmh
100 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
36 °

Most Popular