30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমনতুন অসমীয়া চলচ্চিত্ৰ ‘অন্তৰাল’::২২ মে’ত ডিব্ৰুগড়, গুৱাহাটীকে ধৰি ৰাজ্যজুৰি শুভমুক্তি

নতুন অসমীয়া চলচ্চিত্ৰ ‘অন্তৰাল’::২২ মে’ত ডিব্ৰুগড়, গুৱাহাটীকে ধৰি ৰাজ্যজুৰি শুভমুক্তি

নতুন অসমীয়া চলচ্চিত্ৰ ‘অন্তৰাল’::২২ মে’ত ডিব্ৰুগড়, গুৱাহাটীকে ধৰি ৰাজ্যজুৰি শুভমুক্তি

দুৰ্নীতিৰ দৰ্পণ,ডিব্ৰুগড়, ১৭ মে’: অসমীয়া চলচ্চিত্ৰ জগতলৈ আন এক নতুন সংযোজন হিচাপে আহি আছে পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ ‘অন্তৰাল’। বাস্তৱ সমাজৰ এক স্পৰ্শকাতৰ বিষয়বস্তুক আধাৰ কৰি ৰহস্যঘন ভাৱে নিৰ্মাণ কৰা ছবিখন অহা ২২ মে’ত অসমৰ বিভিন্ন ছবিগৃহত একেলগে শুভমুক্তি লাভ কৰিব। লোহিতপৰীয়া চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাহিনী আৰু পৰিচালনাৰ দায়িত্বত আছে সাংস্কৃতিক কৰ্মী স্বৰূপ দত্ত। সমাজৰ নানান অন্তৰালত লুকাই থকা বাস্তৱ কাহিনীক নতুন ৰূপত দৰ্শকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে ছবিখনৰ সৈতে জড়িত কলা কুশলীসকলে।চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে সু-চিকিৎসক মৃগাংক বৰুৱাই। লগতে অভিনয় কৰিছে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, অজয় দত্ত, প্ৰদীপ্ত প্ৰাণ ভট্টাচাৰ্য, দীপা দাস, হিমাদ্ৰী সন্দিকৈ, কৌশিক গগৈ, ৰাণু তামুলী, ৰাতুল গগৈ, ৰূপম লাচিতকে ধৰি বহু ন-পুৰণি শিল্পীয়ে।এই উপলক্ষে ডিব্ৰুগড়ৰ আই এম এ সভাগৃহত অনুষ্ঠিত এক সংবাদমেলত চলচ্চিত্ৰখনৰ মূল পৰিকল্পনাকাৰী ডা° মৃগাংক বৰুৱা, পৰিচালক স্বৰূপ দত্ত, অভিনেত্ৰী ৰাণু তামুলীসহ ছবিখনৰ অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীসকল উপস্থিত থাকে। সংবাদমেলত তেওঁলোকে কয় যে ডিব্ৰুগড়ৰ পৰা দীঘলীয়া পৰিকল্পনাৰে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখন সমাজৰ এক গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়বস্তু দৰ্শকৰ আগত এক নতুন ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। তেওঁলোকে আশা প্ৰকাশ কৰে যে অসমীয়া ৰাইজে ছবিখন আন্তৰিকতাৰে আদৰি ল’ব। ‘অন্তৰাল’ প্ৰথম পৰ্যায়ত গুৱাহাটী, যোৰহাট, লক্ষীমপুৰ, তেজপুৰ, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ আৰু ডিব্ৰুগড়কেধৰি ৰাজ্যৰ কেইবাখনো জিলাৰ ছবিগৃহত মুক্তি লাভ কৰিব বুলি জনায়। পৰৱৰ্তী সময়ত অসমৰ বাহিৰতো ছবিখন প্ৰদৰ্শনৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। চলচ্চিত্ৰখনৰ প্ৰযোজক ক্ৰমে ডা° মৃণাল গগৈ,ডা°গীতাৰ্থ বৰুৱা, অৰবিন্দ গাৰোদিয়া, মৃগাংক বৰুৱা, সঞ্জয় আগৰৱালা ,এম হাছিম হক আৰু ৰিতু পোদ্দাৰ।ইতিমধ্যে অসমীয়া চলচ্চিত্ৰ জগতলৈ কেইবাখনো কালজয়ী চলচ্চিত্ৰ ডিব্ৰুগড় পৰাই জন্ম হোৱা বুলি উল্লেখ কৰি “অন্তৰাল” সমগ্ৰ অসমবাসীয়ে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে ছবিখনৰ সৈতে জড়িত কলা-কুশলী সকলে।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular