30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমনাবালিকাক লগত যৌনাচাৰ কৰাত এজন প্ৰৌঢ় ব্যক্তিক ২০ বছৰৰ কাৰাবাস

নাবালিকাক লগত যৌনাচাৰ কৰাত এজন প্ৰৌঢ় ব্যক্তিক ২০ বছৰৰ কাৰাবাস

নাবালিকাক লগত যৌনাচাৰ কৰাত এজন প্ৰৌঢ় ব্যক্তিক ২০ বছৰৰ কাৰাবাস

!শিলচৰ পিএনচি ১৫ মে: নাবালিকাক লগত যৌনাচাৰৰ মামলাত এজন প্ৰৌঢ় ব্যক্তিক ২০ বছৰৰ কাৰাবাসৰ শাস্তি দিলে কাছাৰৰ দায়ৰা জজ বিপ্রজীত দেৱ ৰায়ৰ আদালতে। শাস্তি প্ৰাপ্ত বাবুল লোহাৰ কালাইন থানাৰ অন্তৰ্গত দিগৰখালৰ গোবিন্দপুৰৰ বাসিন্দা। বাবুলৰ কুকৰ্ম ধৰো পৰে ২০২৪ চনৰ নৱেম্বৰ মাহত। অভিযুক্ত জনে প্ৰতিবেশী ১৫ বছৰৰ নাবালিকা এজনীক ফুচুলাই কিছুমান দিন ধৰি যৌনাচাৰ চলাই আহিছিল। যদিও প্ৰথম অৱস্থাত কোনেও বিষয় টো জনা নাছিল কিন্তু নাবালিকাজনী অন্তঃসত্বা হোৱাত বাবুলৰ কুকৰ্ম ওলাই পৰে।২০২৪ চনৰ নৱেম্বৰ মাহত নাবালিকা জনী আছিল পাঁচ মাহৰ গৰ্ভৱতী। তেতিয়া কিছুমান শাৰীৰিক লক্ষণ দেখা দিয়াত অইন সকলে সুধাত নাবালিকা জনীয়ে বাবুলৰ কুকৰ্মৰ কথা জনায়। এই ঘটনাৰ বাবে সংশ্লিষ্ট এলেকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।নাবালিকাৰ পৰিয়ালৰ পক্ষৰ পৰা বাবুলক অভিযুক্ত কৰা আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা হয় । তেতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু তদন্ত চলি থকা সময়তে নাবালিকা জনীয়ে এটা পুত্ৰ সন্তানৰ জন্ম দিয়ে। বিষয়টো আদালতলৈ যায়। আদালতে বৃহস্পতিবাৰে ৰায়দান কৰে। ৰায়ত আদালতে পচকো আইনৰ ৬ নম্বৰ ধাৰা অনুসৰি বাবুলক দোষী সাব্যস্ত কৰে আৰু ২০ বছৰৰ কাৰাদণ্ডত দণ্ডিত কৰে। আদালতে বাবুলক ৫ হেজাৰ টকাৰ জৰিমনাৰো কৰে। জৰিমনা অনাদায়ত আৰু ৩ মাহ কাৰাবাস ভোগ কৰিব লাগিব।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular