29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমনিজম পৰিল অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ ২৬ সংখ্যক দ্বিবাৰ্ষিক অধিবেশন স্থলী, ...

নিজম পৰিল অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ ২৬ সংখ্যক দ্বিবাৰ্ষিক অধিবেশন স্থলী, অন্তিম দিনৰ ধৰ্মালোচনী সভাত যুৱ বক্তা এঞ্জেলা চাংমাই

নিজম পৰিল অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ ২৬ সংখ্যক দ্বিবাৰ্ষিক অধিবেশন স্থলী, অন্তিম দিনৰ ধৰ্মালোচনী সভাত উপস্থিত সদ্য প্ৰাক্তন কেবিনেট মন্ত্ৰী অশোক সিংহল, অন্তিম দিনৰ ধৰ্মালোচনী সভাত যুৱ বক্তা এঞ্জেলা চাংমাই
দুৰ্নীতিৰ দৰ্পণ, চিৰাজুলী, ২২ মাৰ্চ: “এগৰাকী পিতৃক তেওঁৰ পুত্ৰই এদিন এখন মটৰ চাইকেল বিচাৰিলে৷ কিন্তু বিলাসিতাৰ বিপৰীতে পিতৃয়ে পুত্ৰক এখন কিতাপ উপহাৰ হিচাপে প্ৰদান কৰিলে৷ পিতৃৰ উপহাৰৰ টোপোলাক সম্পূৰ্ণ অৱজ্ঞা কৰি অভিমানেৰে ঘৰৰ পৰা ওলাই গ’ল পুত্ৰ৷ আৰু এদিন খৱৰ আহিল ল’ৰা জনৰ পিতৃ ঢুকাল, এই খৱৰে পুত্ৰক মৰ্মাহত কৰিলে৷ পুত্ৰই বহু দুখ কৰিলে কিন্তু কি হ’ব পুত্ৰই যি ভুল কৰিলে তাৰ শুধৰণি সম্ভৱ নহ’য়৷ যুৱ সমাজে এনে উচ্ছৃঙ্খল চিন্তাৰ পৰা নিজকে বছাই ৰাখিব লাগিব “ এই বুলি অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ ২৬ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ ২১ মাৰ্চৰ অন্তিম দিনৰ মূল কাৰ্যসূচী ধৰ্মালোচনী সভাৰ নিৰ্দিষ্ট বক্তা এঞ্জেলা চাংমায়ে এই দৰে কয়৷ লগতে তেওঁ গুৰুজনাৰ শুদ্ধ ধৰ্ম, শুদ্ধ পথ আৰু শিষ্টাচাৰ-সদাচাৰেৰে নিজৰ মন মগজুক সুদৃঢ় কৰি শৃংখলিত ভাৱে আগুৱাই যাৱলৈ আহ্বান জনাই৷ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় বক্তা এঞ্জেলা চাংমাই ধৰ্ম তাত্ত্বিক তথা নীতি শিক্ষা মূলক বহু ৰসাল বক্তব্যই উপস্থিত ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰে৷ ওৰাং নিকটৱৰ্তী চিৰাজুলী নতুনপামত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হৈছিল অমস মহাপুৰুষীয়া সত্ৰ সমাজৰ ২৬ সংখ্যক দ্বিবাৰ্ষিক অধিবেশন৷ ২১ মাৰ্চ তাৰিখৰ অন্তিম দিনৰ ধৰ্মালোচনী সভাত উপস্থিত হৈ সত্ৰ সমাজৰ ভকত বৈষ্ণৱৰ আশিস ললে সদ্য প্ৰাক্তন কেবিনেট মন্ত্ৰী অশোক সিংহলে৷ আগন্তুক নিৰ্বাচনকলৈ প্ৰবল আত্মবিশ্বাসী ৰূপত দেখা গ’ল ৬৫ নং ঢেকীয়াজুলি সমষ্টিৰ বিজেপি প্ৰাৰ্থী গৰাকীক৷ উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ এক শৰণ হৰি নাম ধৰ্মৰ একান্ত অনুগামি অসমৰ অন্যতম আধ্যাত্মিক তথা সাংস্কৃতিক অনুষ্ঠান অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ ২৬ সংখ্যক দ্বিবাৰ্ষিক মহাপাল নাম আৰু অধিবেশন ভাগি ১৯, ২০ আৰু ২১ তাৰিখৰ পৰা ওৰাং ৰ নিকটৱৰ্তী চিৰাজুলি নতুনপামত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হৈ যায়৷ তিনিদিনীয়া কাৰ্যসূচী অনুসৰি ১৯ মাৰ্চ তাৰিখে নামাচাৰ্য ৰবি শইকীয়া বাপৰ প্ৰাত: জাগৰণেৰে আৰম্ভ হোৱাৰ পাচতে ৮-৩০ বজাত মঞ্চ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী মহাবীৰ শেঠীয়াই৷ ৯ বজাত ভোজনালয় উন্মোচন কৰে খগেন বৰাই৷ ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা কেন্দ্ৰীয় শৰণ শিবিৰ মুকলি কৰ অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ প্ৰাক্তন সভাপতি তথা শ্ৰী শ্ৰী এলেঙী মদাৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ ভোলা মহন্ত বাপজনাই৷ ১১ বজাৰ পৰা আৰম্ভ হোৱা সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে অৱসৰী শিক্ষক তথা শংকৰী সংগীত শিল্পী চন্দ্ৰ দাস বাপজনাই৷ সন্ধ্যা ৫-৩০ বজাত অৱসৰী কৃতি শিক্ষক তথা বয়োজ্যেষ্ঠ নামঘৰীয়া সৎৰাম হাজৰিকা বাপে মুখ্য প্ৰজ্বলন হিচাপে বন্তি প্ৰজ্বলনৰ পাচতে উক্তদিনৰ কাৰ্যসূচীৰ সামৰণি পৰে৷ ২০ মাৰ্চ তাৰিখে পুৱা ৫ বজাত নামাচাৰ্য কমলা কোচ বাপ জনাৰ প্ৰাত: জাগৰণেৰে উক্তদিনৰ কাৰ্যসূচী আৰম্ভ হয়৷ পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰে অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ ৰাজ্যিক সভাপতি পঙ্কজ মহন্ত বাপে৷ ইয়াৰ পাচতে প্ৰয়াত শিল্পী হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ শ্ৰৰ্দ্ধঞ্জলী৷ পুৱা ১০ বজাত কেইবা সহস্ৰাধিক ভকত-বৈষ্ণৱ তথা বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলেৰে উলিওৱা ভাগৱত শুভাযাত্ৰাত হৰিনাম ধ্বনিৰে মুখৰিত হয় আকাশ বতাহ৷ এই ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰাত অভিনেত্ৰী তথা শাস্ত্ৰীয় নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে অংশগ্ৰহণ কৰে৷ বিয়লি ৩ বজাত প্ৰতিনিধি সভা মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি সূজিৎ কটকী বাপে৷ ৫ বজাৰ পৰা“ সত্ৰীয়া সংস্কৃতিৰ সুবাস“ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ পাচতে নিশা মহা পালনাম অনুষ্ঠিত হয়৷ ২১ মাৰ্চ তাৰিখে ৯-৩০ বজাত আই-মাতৃ সন্মিলনৰ পাচতে ধৰ্মীয় আলোচনা সভাত যুৱ প্ৰজন্মৰ যশস্বী বক্তা-সাংবাদিক এঞ্জেলা চাংমাই ধৰ্মালোচনী সভাৰ মুখ্যবক্তা আৰু আন্তঃৰাষ্টীয় ভাওনা বঁটাপ্ৰাপক শিল্পী অৰূপ শইকীয়া আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকে৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেবিনেট মন্ত্ৰী অশোক সিংহল৷ এই সভাতে অধিবেশনৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা এখনি স্মৃতিগ্ৰন্থ “শিৰোমনি“ আনুষ্ঠানিক ভাৱে মুকলি কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড°শুকদেৱ অধিকাৰীয়ে৷ সন্ধ্যা ৬ বজাত ধৰ্মধ্বজা অৱনম আৰু ৭ বজাত স্থানীয় শিল্পী দলৰ অংকীয়া ভাওনাৰ পাচতে অধিবেশনৰ কাৰ্যসূচীৰ সামৰণি পৰে৷ অধিবেশন খনিৰ সকলো দিশ তথা সমূহ কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগিতাক একান্ত ভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছে অভ্যৰ্থনা সমিতিয়ে৷

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular