39.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমনিৰ্বাচনী বিধি মানি কটকটীয়া নজৰদাৰী হাইলাকান্দিত ৫ লাখ টকা জব্দ সক্ৰিয় প্ৰশাসন

নিৰ্বাচনী বিধি মানি কটকটীয়া নজৰদাৰী হাইলাকান্দিত ৫ লাখ টকা জব্দ সক্ৰিয় প্ৰশাসন

নিৰ্বাচনী বিধি মানি কটকটীয়া নজৰদাৰী হাইলাকান্দিত ৫ লাখ টকা জব্দ সক্ৰিয় প্ৰশাসন
প্ৰতিনিধি হাইলাকান্দি ১৯ মাৰ্চ: আসন্ন বিধানসভা নিৰ্বাচন সুষ্ঠু আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে হাইলাকান্দি জিলাত প্ৰশাসনৰ ফালৰ পৰা নজৰদাৰী আৰু তল্লাশি অভিযান জোৰদাৰ কৰা হৈছে৷ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতেই জিলাৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত নিয়মীয়াকৈ নাকা চেকিং চলোৱা হৈছে৷ এই ধাৰাবাহিক তৎপৰতাৰ ফলস্বৰূপে কাটাখাল আৰক্ষী চকীৰ ওচৰত এসএছটি (Static Surveillance Team) আৰু আৰক্ষীৰ যৌথ অভিযানত নগদ ৫ লাখ টকা জব্দ কৰা হয়৷ আৰক্ষী সূত্ৰে জনোৱা মতে, AS11 C 9153 নম্বৰৰ এখন অটোক সন্দেহৰ ভিত্তিত ৰখাই তল্লাশি চলোৱা হয়৷ তল্লাশীৰ সময়ত অটোৰ ভিতৰত থকা হনুমান মাল সোণোৱাল নামৰ এজন ব্যক্তিৰ পৰা এই বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হয়৷ তেওঁ শিলচৰলৈ গৈ আছিল বুলি জনা গৈছে৷ পাচগ্ৰাম আৰক্ষী আৰু এসএছটি টিমৰ সমন্বিত অভিযানত এই সফলতা লাভ কৰা হয়৷ জব্দ কৰা ধন তৎক্ষণাৎ পাচগ্ৰাম আৰক্ষী চকীত লৈ গৈ নিৰাপত্তাৰে সংৰক্ষণ কৰা হৈছে৷ প্ৰাথমিক জিৰা-বাছনিৰ পিছত সংশ্লিষ্ট ব্যক্তি আৰু যানবাহনক আপাতত এৰি দিয়া হৈছে যদিও সম্পূৰ্ণ ঘটনাটো প্ৰশাসনৰ নজৰত ৰখা হৈছে৷ প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে যে নিৰ্বাচনৰ সময়ত অবৈধ ধনৰ লেনদেন আৰু প্ৰভাৱ বিস্তাৰ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ উদ্ধাৰ হোৱা ধনৰ উৎস, গন্তব্য আৰু ইয়াৰ সৈতে কোনো অনিয়ম জড়িত আছে নে নাই, সেই বিষয়ত ইতিমধ্যে প্ৰয়োজনীয় তদন্ত আৰম্ভ কৰা হৈছে৷ উল্লেখযোগ্য যে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি নিৰ্দিষ্ট সীমাৰ অধিক নগদ ধন বহন কৰাৰ ক্ষেত্ৰত বৈধ নথিপত্ৰ থকা বাধ্যতামূলক৷ এই ধৰণৰ তল্লাশি অভিযানসমূহে নিৰ্বাচনী প্ৰক্ৰিয়াক স্বচ্ছ আৰু নিৰপেক্ষ কৰি ৰাখিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ প্ৰশাসনৰ এই সক্ৰিয় পদক্ষেপক সচেতন মহলে স্বাগত জনাইছে৷ নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে এনে নজৰদাৰী আৰু অধিক কঠোৰ কৰা হ’ব বুলি প্ৰশাসনৰ ফালৰ পৰা ইংগিত দিয়া হৈছে৷

RELATED ARTICLES
Lucknow
haze
38 ° C
38 °
38 °
37 %
3.1kmh
5 %
Thu
37 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular