35.1 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমনিৰ্বাচনী ৰণলৈ সাজু বিহপুৰীয়া অগপঃ মাখন তামুলীক বিধায়ক ৰূপে নেপালে ক্ষান্ত নহয়...

নিৰ্বাচনী ৰণলৈ সাজু বিহপুৰীয়া অগপঃ মাখন তামুলীক বিধায়ক ৰূপে নেপালে ক্ষান্ত নহয় অগপৰ বিহপুৰীয়া সমষ্টি সমিতি

নিৰ্বাচনী ৰণলৈ সাজু বিহপুৰীয়া অগপঃ মাখন তামুলীক বিধায়ক ৰূপে নেপালে ক্ষান্ত নহয় অগপৰ বিহপুৰীয়া সমষ্টি সমিতি

লখিমপুৰ, পিএন চি, ১০ মাৰ্চ: লখিমপুৰ জিলাৰ আটাইতকৈ বেছি চৰ্চিত ৭৩ নং বিহপুৰীয়া সমষ্টিত এইবাৰ যুদ্ধংদেহি মনোভাৱেৰে আগবাঢ়ি আহিছে অগপ। দলটোৰ সমষ্টি সমিতিয়ে বিজেপি দলৰ ৰাজ্যিক নেতৃত্বক মিত্ৰতাৰ ধৰ্ম অক্ষুন্ন ৰাখি সমষ্টিটো এইবাৰ অগপ দলক এৰি দি এনডিএ’ৰ এখন আসন সুনিশ্চিত কৰিবলৈ দাবী জনাইছে। যিহেতু বিহপুৰীয়া সমষ্টিৰ বিজেপি দলৰ অলেখ প্ৰাৰ্থীত্ব প্ৰত্যাশী আছে তেওঁলোকেও প্ৰচাৰ অভিযান চলাই আছে। সমান্তৰালভাৱে অগপ দলে সমষ্টিটোত নিজৰ স্থিতি সবল কৰি দলীয় ভেঁটি‌ সুদৃঢ় কৰি ৰাখিবলৈ সক্ষম হৈছে। প্ৰাক্তন বিধায়ক কেশৰাম বৰাৰ পৰাজয়ৰ পিছতে বিজেপি দলৰ লগত মিত্ৰতা হোৱাত অগপৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই বিজেপিৰ প্ৰাৰ্থীৰ পক্ষত থাকি দলটোক দুটা কাৰ্যকালত সহায় কৰিছে। বিগত দুয়োটা কাৰ্যকালতে অগপ দলৰ কৰ্মকৰ্তাসকলে মিত্ৰতাৰ নীতিমতে পাব লগা সুবিধা আদিৰ ক্ষেত্ৰত যথোপযুক্ত সুবিধা নেপালেও কোনোধৰণৰ বিসম্বাদ সৃষ্টি কৰা নাই বৰং চৰকাৰী প্ৰতিটো পদক্ষেপেই বিনাচৰ্তে মানি সহযোগিতা আগবঢ়াই আহিছে। সমষ্টিটোত কাৰ্যকৰ্তাসকলে আশা কৰিছিল যে এইবাৰ অগপ দলৰ পৰা এগৰাকী প্ৰাৰ্থী বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰটো শাসনাধিষ্ঠ দলৰ নেতা-কৰ্মীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব। কিন্তু শেহতীয়াকৈ দেখা পৰিৱেশে দলটোৱে যে আসনখন এৰি দিব তাৰ আশা ক্ষীণ হৈ পৰিছে। কাৰণ ইতিমধ্যে ভালেকেইগৰাকী নেতাই সমষ্টিটোত ৰাইজৰ কাষলৈ গৈ নিজৰ আস্থা আদায়ৰ চেষ্টা অব্যাহত ৰখাৰ সমান্তৰালকৈ প্ৰাৰ্থীৰ পেনেল লিষ্ট পৰ্যন্ত দলৰ উৰ্ধতন মহলালৈ প্ৰেৰণ কৰিছে। তাৰোপৰি প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা বিজেপিলৈ অহাৰ পিছত পৰিবেশ দলীয় বিসম্বাদলৈ যোৱাহে পৰিলক্ষিত হৈছে। বহু সংখ্যক বিজেপিৰ নেতা কৰ্মীয়ে ভূপেন বৰাক টিকট দিলে নিৰ্বাচনত দলৰ পক্ষত নেথাকে বুলি মন্তব্য কৰাৰ বিপৰীতে একাংশ দলীয় কৰ্মী কংগ্ৰেছ দলত যোগদান কৰাৰ বাতৰি প্ৰকাশ পাই আহিছে। এনে পৰিস্থিতিত অগপ’ৰ সমষ্টি সমিতিয়ে সকলো বাদ-বিসম্বাদৰ পৰিৱৰ্তে দলৰ মনোনীত প্ৰাৰ্থী মাখন তামুলীক মিত্ৰতাৰ ভিত্তিত বিধায়ক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ দাবী উত্থাপন কৰিছে। উল্লেখ্য যে মাখন তামুলীয়ে ১৯৯২ চনৰে পৰা দলটোৰ হৈ নিৰবছিন্নভাৱে দলৰ সেৱা আগবঢ়াই আহিছে। তেখেতে দলৰ জিলা উপ-সভাপতি, সমষ্টি সমিতিৰ সভাপতি আদিকৈ কেইবাটাও পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে বিগত দুয়োটা কাৰ্যকালতে মিত্ৰজোঁটৰ ধৰ্ম অক্ষুণ্ণ ৰাখি বিজেপি দলৰ লগত প্ৰতিটো কামতে সহযোগিতা আগবঢ়াই আহিছে। অৱসৰী অধ্যাপক মাখন তামুলীৰো আছে এক শক্তিশালী ভেঁটি। দলৰ হৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক বিনাচৰ্তে সহায় সহযোগিতা আগবঢ়াই অহাৰ লগতে তেখেতে সমষ্টিটোৰ প্ৰায়বোৰ উন্নয়নমুখী কামতেই প্ৰত্যক্ষভাৱে সহযোগিতা আগবঢ়াই আহিছে। শৈক্ষিক ক্ষেত্ৰখনৰো অক্লান্ত যোদ্ধা তামুলীয়ে সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত বহু কাম কৰাৰো সপোন পুহিছে। বিশেষকৈ কৰ্মমুখী চেতনাৰে নিবনুৱা সমস্যাৰ সমাধান কৰা, বৃহৎ আৰু ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে উৎপাদনমুখী কৰ্মসংস্থাপন, বান খহনীয়া সমস্যাৰ সমাধান, বিজ্ঞানসন্মত কৃষি বিপ্লৱ, ৰাষ্টা ঘাট, যোগাযোগৰ উন্নয়নত গুৰুত্ব দিয়াৰ মানসিকতাৰে মিত্ৰতাৰ আগৰপৰাই নিজৰ দলৰ পৰা দুবাৰকৈ টিকটৰ দাবীদাৰ আছিল। কেৱলমাত্ৰ জেষ্ঠজনক সন্মান প্ৰদৰ্শন আৰু দলীয় ঐক্য বিঘ্নিত নকৰিবলৈহে দুয়োবাৰে নিজৰ দাবী প্ৰত্যাহাৰ কৰিছিল যদিও এইবাৰ কিন্তু দলীয় নেতৃত্বই তেখেতক নিৰ্বাচন খেলিবই লাগিব বুলি আকোৰগোজ স্থিতিত অটল আছে। সমষ্টি সমিতিৰ আহ্বানক নেওচা দিব নোৱাৰা আৰু দলৰ প্ৰতি কৰা ত্যাগৰ বাবেই তেওঁক এইবাৰ বিধায়ক হিচাপে প্ৰক্ষেপ কৰাটো সকলো পক্ষই কামনা কৰাৰ পিছতো বিজেপি দলে তেখেতক বঞ্চিত কৰিলে দলীয় কৰ্মকৰ্তাৰ মিত্ৰজোঁটৰ প্ৰতি যে বিতৃষ্ণা জাগিব সেয়া জলজল পটপট হৈ পৰিছে। আনহাতে নাম প‌্ৰকাশত অনিচ্ছুক সমষ্টিৰ একাংশ অগপ নেতা-কৰ্মীয়ে উল্লেখ কৰিছে যে কিবা কাৰণত এইবাৰ ৭৩ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ আসনখনত অগপ দলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নেপালে বিকল্প চিন্তা কৰিবলৈ বাধ্য হ’ব।

RELATED ARTICLES
Lucknow
light rain
33.5 ° C
33.5 °
33.5 °
56 %
8.1kmh
98 %
Fri
34 °
Sat
36 °
Sun
36 °
Mon
30 °
Tue
32 °

Most Popular