29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমনিৰ্বাচনৰ পাছত কঠোৰ ব্যৱস্থাৰ সতৰ্কবাণী, বৰাকত প্ৰচাৰত মনোজ তিৱাৰী

নিৰ্বাচনৰ পাছত কঠোৰ ব্যৱস্থাৰ সতৰ্কবাণী, বৰাকত প্ৰচাৰত মনোজ তিৱাৰী

নিৰ্বাচনৰ পাছত কঠোৰ ব্যৱস্থাৰ সতৰ্কবাণী, বৰাকত প্ৰচাৰত মনোজ তিৱাৰী
প্ৰীতম দাস, হাইলাকান্দি, ৫ এপ্ৰিল: আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমেই উত্তপ্ত হৈ উঠিছে বৰাক উপত্যকাৰ ৰাজনৈতিক পৰিস্থিতি৷ নিৰ্বাচন যিমানেই ওচৰ চাপি আহিছে, সিমানেই শাসক আৰু বিৰোধী উভয় শিবিৰৰ শীৰ্ষ নেতৃত্বৰ প্ৰচাৰ তৎপৰতা বৃদ্ধি পাইছে৷ এই প্ৰেক্ষাপটতে বৰাকলৈ আহি বিজেপিৰ পক্ষে জোৰদাৰ প্ৰচাৰ চলালে দিল্লীৰ সাংসদ তথা জনপ্ৰিয় গায়ক মনোজ তিৱাৰী৷ ৰবিবাৰে হাইলাকান্দি জিলাৰ ১২১ নম্বৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী মিলন দাসৰ সমৰ্থনত লালাছড়া খেলপথাৰত আয়োজিত এক বৃহৎ নিৰ্বাচনী সভাত তেওঁ অংশগ্ৰহণ কৰে৷ সভাস্থলীত পুৱা পৰাই বিভিন্ন অঞ্চলৰ পৰা বিজেপি সমৰ্থক আৰু সাধাৰণ লোকৰ ভিৰ জমা হয়৷ দলীয় পতাকা, বেনাৰ আৰু শ্লোগানে সমগ্ৰ এলেকা মুখৰিত হৈ উঠে৷ সভাত ভাষণ প্ৰদান কৰি মনোজ তিৱাৰীয়ে পোনপটীয়াকৈ জনসংযোগৰ জৰিয়তে ভোটাৰসকলৰ ওচৰ চাপিবলৈ চেষ্টা কৰে৷ বিশেষকৈ চাহ বাগিচাৰ শ্ৰমিক আৰু গ্ৰাম্যাঞ্চলৰ লোকসকলক উদ্দেশ্য কৰি তেওঁ বিজেপি প্ৰাৰ্থীৰ পক্ষে ভোট দিবলৈ আহ্বান জনায়৷ উন্নয়ন, আধাৰভূত ব্যৱস্থা আৰু কেন্দ্ৰীয় আঁচনিৰ সুবিধা উল্লেখ কৰি তেওঁ দাবী কৰে যে ৰাজ্যৰ সামগ্ৰিক উন্নয়ন নিশ্চিত কৰিবলৈ বিজেপি চৰকাৰেই সক্ষম৷ ৰাজনৈতিক ভাষণৰ লগতে তেওঁ নিজৰ সাংস্কৃতিক পৰিচয়ো দাঙি ধৰে৷ কেইবাটাও জনপ্ৰিয় ভোজপুৰী গীত পৰিৱেশন কৰি উপস্থিত জনতাক উজ্জীৱিত কৰি তোলে৷ তীব্ৰ বৰষুণৰ মাজতো ছাতি লৈ হাজাৰ হাজাৰ মানুহে তেওঁৰ গীত উপভোগ কৰা দেখা যায়৷ বহুতে বৰষুণক উপেক্ষা কৰি নৃত্য-গীতত অংশগ্ৰহণ কৰে, ফলত সভাস্থলী এক উৎসৱমুখৰ পৰিৱেশলৈ ৰূপান্তৰিত হয়৷ সভা সমাপ্তিৰ পাছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি মনোজ তিৱাৰীয়ে আত্মবিশ্বাসেৰে কয় যে এইবাৰ অসমত বিজেপিয়ে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব৷ তেওঁ লগতে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কামৰ ফলতেই জনতাৰ সমৰ্থন বিজেপিৰ ফালে আছে৷ তেওঁৰ বহুল জনপ্ৰিয় গীত “ৰিংকিয়া কে পাপ্পা”ৰ উল্লেখ কৰি তেওঁ ৰসিকতাৰ ছলে কয় যে এইবাৰ সকলো “ৰিংকিয়া কে পাপ্পা”ই বিজেপিক ভোট দিব লাগিব৷ তেওঁৰ এই মন্তব্যত উপস্থিত জনতাৰ মাজত হাঁহিৰ সৃষ্টি হয় আৰু তালি বজাই সভাস্থলী মুখৰিত হৈ উঠে৷ অন্যহাতে, কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ কথিত পাকিস্তান সংযোগৰ বিষয়টো উত্থাপন কৰি তেওঁ তীব্ৰ সমালোচনা কৰে৷ মনোজ তিৱাৰীয়ে কয় যে এই বিষয়টো অতি শীঘ্ৰে সংসদত উত্থাপন কৰা হ’ব৷ একে সময়তে তেওঁ সতৰ্ক কৰি দিয়ে যে নিৰ্বাচনৰ পাছত চৰকাৰে এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, নিৰ্বাচনৰ পূৰ্বে এনে ধৰণৰ আক্ৰমণাত্মক বক্তব্য আৰু উচ্চ পৰ্যায়ৰ নেতাসকলৰ উপস্থিতিয়ে বৰাক উপত্যকাৰ নিৰ্বাচনী সমীকৰণত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে৷ এতিয়া চাবলগীয়া বিষয় হ’ল ভোটবাকচত এই প্ৰচাৰৰ কিমান প্ৰতিফলন দেখা যায়৷

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular