35.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমপ্ৰতিকূল বতৰৰ মাজতো বিজেপি সভাত হিল-দল ভাঙি লোকে লোকাৰণ্য হৈ পৰিল ধুবুৰীৰ...

প্ৰতিকূল বতৰৰ মাজতো বিজেপি সভাত হিল-দল ভাঙি লোকে লোকাৰণ্য হৈ পৰিল ধুবুৰীৰ ঢেপঢেপীত নিৰ্বাচনী সভাত

প্ৰতিকূল বতৰৰ মাজতো বিজেপি সভাত হিল-দল ভাঙি লোকে লোকাৰণ্য হৈ পৰিল ধুবুৰীৰ ঢেপঢেপীত নিৰ্বাচনী সভাত
দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ২৮ মাৰ্চ – ৰাজ্যৰ সকলো স্থানতে নিৰ্বাচনী প্ৰচাৰ তুংগত চলিছে সকলো ৰাজনৈতিক দলৰ। তাৰ সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টিৰো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা দেখা হৈছে। উল্লেখ্য যে আজি ধুবুৰী জিলাৰ ঢেপঢেপীস্থিত শঙ্কৰদেৱ শিশু নিকেতন বিদ্যালয় খেল পথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হেলীকাপ্টাৰ যোগে উপস্থিত হোৱা কথা আছিল যদিও ডাৱৰীয়া আৰু প্ৰতিকূল বতৰৰ বাবে ঢেপঢেপীত আহি উপস্থিত হব নোৱাৰে, যদিও বিজনী নিৰ্বাচনী সভা শেষ কৰি গোলকগঞ্জ বিধান সভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থীৰ ফোন যোগে ধুবুৰীৰ ঢেপঢেপীত নিৰ্বাচনী সভাত উপস্থিত হোৱা হাজাৰ হাজাৰ ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এইবাৰ অসমত ৰাইজৰ আশিৰ্বাদ বিজেপি দলৰ ওপৰত আছে, অসমত ৰাইজৰ আশিৰ্বাদৰে পুনৰবাৰৰ বাবে বিজেপি মিত্ৰজোঁট চৰকাৰ গঠণ হবলৈ গৈ আছে। সেই হেতুকে গোলকগঞ্জ বিধানসভা সমষ্টিৰ ৰাইজে আশ্বিনী ৰায় সৰকাৰক বিপুল ভোটত জয়যুক্ত কৰি অসম বিধানসভাত পঠিয়াৰ দায়িত্ব লব লাগিব। যোৱা পাঁচটা বছৰ চৰকাৰৰ বিধায়ক অবিহনে সমষ্টিবাসী ৰাইজে কংগ্ৰেছ দলৰ বিধায়ক পৰা একো উপকৃত হোৱা নাই। আৰু একো সা সুবিধাও পোৱা নাই। লগতে একো উন্নয়ন কৰাও দেখা নাই ৰাইজে। যদি যোৱা পাঁচাটা বছৰ চৰকাৰৰ ফালৰ পৰা কিবা সা-সুবিধাৰে সমষ্টিবাসী ৰাইজে উপকৃত হৈছিল, সেয়া অশ্বিনী ৰায় সৰকাৰৰ সাংগঠনিক সু-নেতৃত্বৰ সফল প্ৰচেষ্টাৰ ফলতহে সম্ভৱ হৈছে বুলিও উল্লেখ কৰে। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে মোবাইলৰ জৰিয়তে গোলকগঞ্জবাসী ৰাইজক জনায় যে, ধুবুৰীৰ গোলকগঞ্জ সমষ্টিবাসী ৰাইজৰ প্ৰতি সদায়ে মোৰ মৰম স্নেহ আছে। সেয়েহে মই আশ্বস্ত আৰু বিশ্বাসী যে এইবেলি বিধানসভা নিৰ্বাচনত অশ্বিনী ৰায় সৰকাৰক আপোনালোকে নিশ্চিত ভাবে আপোনালোকৰ বহুমূলীয়া ভোট প্ৰদানৰ জৰিয়তে আশীৰ্বাদ দি জয়যুক্ত কৰি বিধান সভালৈ পঠিয়াব বুলি। উক্ত সভাত উপস্থিত থকা বিজেপি দলৰ ধুবুৰী জিলা সভাপতি ৰঞ্জিন কুমাৰ ৰায়, গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনিত প্ৰাৰ্থী আৰু NDA ৰ সমৰ্থিত প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰে মূখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে, কাৰণ যদিও মুখ্যমন্ত্ৰীয়ে উপস্থিত থাকিব নোৱাৰিলে তথাপিও নিজে মোবাইল ফোনযোগে উপস্থিত ৰাইজক বাৰ্তা প্ৰদান কৰি বিভিন্ন কথা অৱগত কৰে। আজিৰ এই সভাত উপস্থিত থকা বিজেপি দলৰ বিভিন্ন শীৰ্ষ নেতৃত্বয় নিজৰ ভাষনৰ জৰিয়তে কয় যে, অসম তথা গোলকগঞ্জ বিধানসভা সমষ্টিবাসীৰ ৰাইজৰ সৰ্বাঙ্গিন উন্নয়ন আৰু বিকাশ কৰিবলৈ হলে, বিজেপি মিত্ৰজোঁট চৰকাৰ আৰু গোলকগঞ্জ বিধান সভাত বিজেপি দলৰ বিধায়ক অবিহনে বিকল্প বেলেগ একো নাই। গোলকগঞ্জ বিধানসভা সমষ্টিত কংগ্ৰেছৰ দলৰ বিধায়কজনে যোৱা পাঁচটা বছৰ কেৱল প্ৰতিশ্ৰুতী হে প্ৰদান কৰিলে। এইবেলি নিৰ্বাচনত সমষ্টিবাসী ৰাইজৰ আগত প্ৰশ্নবানৰ সমুখিনৰ হোৱাৰ ভয়ত, সেই বিধায়কজন সমষ্টি এৰি বেলেগ সমষ্টি গমন কৰিলে বুলিও উল্লেখ কৰে। আৰু লক্ষণীয় বিষয়টো এয়া যে গোলকগঞ্জ সমষ্টিত এইবাৰৰ নিৰ্বাচনত বিজেপিৰ প্ৰতি যি হাৰে জনসমৰ্থন আৰু ধুমুহা ৰাজ্যৰ বিভিন্ন ঠাইত দেখা গৈ আছে, তাকে চাই কংগ্ৰেছ সমনিতে বিজেপি বিৰোধী ৰাজনৈতিক শিবিৰে সংকিত হৈ পৰিছে । আৰু বিশেষ ভাবে কংগ্ৰেছ দলে যোৱা পাঁচবছৰৰ বিধায়কৰ বিফলতাবোৰ ঢাকিবলৈ এইবেলি নতুন ৰনকৌশল অৱলম্বন কৰি এজন প্ৰাৰ্থীক সৌজন্যমূলক ভাবে প্ৰক্ষেপ কৰি মিছা আশ্বাস আৰু প্ৰতিশ্ৰুতিৰে গোলকগঞ্জ সমষ্টিবাসী ৰাইজক যি সপোন দেখুৱাবলৈ প্ৰয়াস চলাই আছে, সেয়া সম্পূৰ্ণৰূপে বিফল হোৱা পৰিলক্ষিত হৈ পৰিছে বুলিও উল্লেখ কৰে। গোলকগঞ্জ বিধানসভা সমষ্টিত বিগত পাঁচ বছৰে ৰাইজে সমষ্টিৰ উন্নয়নৰ বহুত দিশে আধুৰুৱা হৈ ৰৈ আছে। সেইবোৰ ভৱিষ্যত দিনত পূৰণ কৰিবলৈ হলে, এইবেলি গোলকগঞ্জ সমষ্টিত অশ্বিনী ৰায় সৰকাৰক জয়ী কৰাই অসম বিধানসভাত পঠিয়াৰ দায়িত্ব গোলকগঞ্জ বিধানসভা সমষ্টিবাসী ৰাইজেই লৱ লাগিব। গোলকগঞ্জ বিধান সভাত বিজেপি প্ৰাৰ্থীজনৰ জয় মানে কেৱল বিজেপি দলৰ প্ৰাৰ্থীজনৰ জয় নহয়। বৰং এই জয় গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰতিজন ৰাইজৰ জয়, প্ৰতিজন বিজেপি দলৰ নিষ্ঠাবান কাৰ্যকৰ্তাৰ জয় বুলি বিজেপি দলৰ নেতৃত্বই আজিৰ সভাত নিজৰ বক্তব্যৰ মাধ্যমত এই কথা উল্লেখ কৰে।

RELATED ARTICLES
Lucknow
haze
37 ° C
37 °
37 °
13 %
2.6kmh
16 %
Thu
40 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular