31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমবিশাল সমদলৰ সৈতে মনোনয়ন দাখিল বিকাশ শইকীয়াৰ: টীয়কৰ পৰা জয় নিশ্চিত বুলি...

বিশাল সমদলৰ সৈতে মনোনয়ন দাখিল বিকাশ শইকীয়াৰ: টীয়কৰ পৰা জয় নিশ্চিত বুলি দাবী

বিশাল সমদলৰ সৈতে মনোনয়ন দাখিল বিকাশ শইকীয়াৰ: টীয়কৰ পৰা জয় নিশ্চিত বুলি দাবী

​ষ্টাফ ৰিপৰ্টাৰ, উজনি -শিৱসাগৰ, ২৩ মাৰ্চ:যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ নিৰ্বাচনী বতাহ এতিয়া তুংগত। আজি যোৰহাটত মিত্ৰজোঁটৰ প্ৰাৰ্থী বিকাশ শইকীয়াই এক উখল-মাখল পৰিৱেশৰ মাজেৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ এই বিশেষ মুহূৰ্তত প্ৰাৰ্থীগৰাকীৰ সৈতে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী আৰু হাজাৰ হাজাৰ উৎসাহী সমৰ্থক উপস্থিত থাকে।​মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিকাশ শইকীয়াই ৰাইজৰ পৰা পোৱা বিপুল সঁহাৰিৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আত্মবিশ্বাসেৰে কয় যে টীয়ক সমষ্টিৰ জনসাধাৰণে তেওঁক বিপুল ভোটত জয়ী কৰাটো নিশ্চিত। কেৱল নিজৰ জয় নহয়, বৰঞ্চ ৰাজ্যত পুনৰবাৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব বুলিও তেওঁ দৃঢ়তাৰে উল্লেখ কৰে। দলীয় পতাকা আৰু শ্ল’গানেৰে যোৰহাটৰ আকাশ-বতাহ কঁপাই তোলা এই মনোনয়ন যাত্ৰাই মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শন কৰাৰ লগতে নিৰ্বাচনী যুঁজখন অধিক আমোদজনক কৰি তুলিছে।

RELATED ARTICLES
Lucknow
overcast clouds
31.1 ° C
31.1 °
31.1 °
64 %
5.1kmh
100 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
36 °

Most Popular