*বিশ্বনাথত দুটাকৈ নিচা মুক্তি কেন্দ্ৰত অমানৱীয় অত্যাচাৰৰ ভিডিঅ’ ভাইৰেল: দুজন গ্ৰেপ্তাৰ ”
চিকিৎসাৰ নামত বিশ্বনাথৰ নিচা মুক্তি কেন্দ্ৰত যুৱকক অমানৱীয় অত্যাচাৰৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আৰক্ষীৰ অভিযান আৰম্ভ।
বিশ্বনাথৰ দুখন নিচা মুক্তি কেন্দ্ৰত পৃথকে পৃথকে দুজন যুৱকক নিৰ্মম ভাবে অত্যাচাৰ কৰাৰ দুটাকৈ ভিডিঅ’ ভাইৰেল হোৱাত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই অত্যাচাৰ চলাইছিল কেন্দ্ৰ দুটাৰ স্বত্বাধিকাৰীৰ লগতে কৰ্মচাৰীয়ে।
ঘটনা পোহৰলৈ অহাৰ পিছতেই সমাজ কল্যাণ বিভাগৰ বিষয়াই বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
এজাহাৰৰ ভিত্তিত বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই নিচা মুক্তি কেন্দ্ৰ দুটাৰ স্বত্বাধিকাৰী মানস শইকীয়া আৰু ৰাজা চাহা ওৰফে আকাশক আটক কৰিছে । LIFE WELL REHEBILITATION CENTER আৰু প্ৰতিজ্ঞা নিচামুক্তি কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ লগত জড়িত মুন্না হাজৰিকা আৰু গৌতম দৈমাৰীক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
বিশেষ সূত্ৰে জানিব পৰা মতে, তদন্তৰ পিছত আৰু কেইবাটাও নিচা মুক্তি কেন্দ্ৰ আৰু স্বত্বাধিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে পূৰ্বতেও এই নিচা মুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যুক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। আৰক্ষীৰ তদন্তত সেই মৃত্যুৰ ঘটনাও সাঙুৰি লোৱাৰ সম্ভাৱনা আছে।
নিচা মুক্তিৰ নামত চলা এনে অমানৱীয় কাণ্ডই সমগ্ৰ বিশ্বনাথতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

