36.3 C
New Delhi
Saturday, August 1, 2026
spot_img
Homeঅসমবৰক্ষেত্ৰীৰ কাপলাবড়িত চি.পি.আই(এম), জাতীয় পৰিষদৰে কংগ্ৰেছৰ সভা , ২৩ মাৰ্চত মনোনয়ন দাখিল...

বৰক্ষেত্ৰীৰ কাপলাবড়িত চি.পি.আই(এম), জাতীয় পৰিষদৰে কংগ্ৰেছৰ সভা , ২৩ মাৰ্চত মনোনয়ন দাখিল কৰিব বৰক্ষেত্ৰীৰ বিৰোধী মিত্ৰ দলৰ প্ৰাৰ্থী দিগন্ত বৰ্মনে

বৰক্ষেত্ৰীৰ কাপলাবড়িত চি.পি.আই(এম), জাতীয় পৰিষদৰে কংগ্ৰেছৰ সভা , ২৩ মাৰ্চত মনোনয়ন দাখিল কৰিব বৰক্ষেত্ৰীৰ বিৰোধী মিত্ৰ দলৰ প্ৰাৰ্থী দিগন্ত বৰ্মনে

মুকালমুৱাৰ পৰা সুৰজিত পাঠক ১৮ মাৰ্চ- ভ্ৰষ্টচাৰী, সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰাৰ পৰিকল্পনাৰে ২৬ৰ নিৰ্বাচনত বৰক্ষেত্ৰীৰ পৰা অৱতীৰ্ণ হ’ব দিগন্ত বৰ্মন ৷ এই পৰিকল্পনা বৰক্ষেত্ৰীৰ কংগ্ৰেছকে ধৰি বিৰোধী শক্তিৰ ৷ নলবাৰী জিলাৰ ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাপলাবড়িত আজি কংগ্ৰেছৰ বিৰোধী ঐক্যৰে এখন সভা অনুষ্ঠিত হয় ৷ কাপলাবড়িস্থিত দিগন্ত বৰ্মনৰ বাসগৃহত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হয় বিৰোধী ঐক্যৰ সভাখন ৷ নলবাৰী জিলা কংগ্ৰেছৰ উপ সভাপতি জেহেৰুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিৰোধী ঐক্যৰ সহযোগী চি.পি.আই(এম) আৰু অসম জাতীয় পৰিষদৰ নেতৃত্ব উপস্থিত থাকে ৷ সভাত কংগ্ৰেছ, চি.পি.আই(এম) আৰু অসম জাতীয় পৰিষদৰ নেতৃত্বই ভাষণ ৰাখি ভ্ৰষ্টচাৰী, সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰাৰ পৰিকল্পনাৰে বৰক্ষেত্ৰীৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী দিগন্ত বৰ্মনক জয়যুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰে ৷ সভাত বিৰোধী ঐক্যৰ প্ৰাৰ্থী দিগন্ত বৰ্মন উপস্থিত থাকি নেতা-কৰ্মীসকলৰ উৎসাহ দেখি অভিভূত হৈ পৰা বুলি মন্তব্য কৰি কয় যে-“বিগত পাঁচ বছৰত বিৰোধী দলৰ বিধায়ক হিচাপে বৰক্ষেত্ৰীবাসীৰ সমস্যা সম্পৰ্কত বিধানসভাত যিখিনি উপস্থাপন কৰিব লাগে সেয়া নিষ্ঠাসহকাৰে দাঙি ধৰিছোঁ ৷ যাৰ ফলত আগন্তুক নিৰ্বাচনতো বৰক্ষেত্ৰীবাসী ৰাইজে কংগ্ৰেছৰ পক্ষত থাকিব বুলি বিশ্বাস কৰোঁ ৷” দিগন্ত বৰ্মনে ভাষণৰ জড়িয়তেই কয় যে, ভয়-ভাবুকিৰে নিৰ্বাচন জিকিব নোৱাৰে ৷ ভয়-ভাবুকি আৰু প্ৰলোভনেৰে শেহতীয়াভাৱে বিজেপিয়ে আন দলৰ কৰ্মীক যোগদান কৰাই আহিছে বুলিও মন্তব্য কৰে ৷ সভাত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী আৰু বৰভাগ ব্ল’ক কংগ্ৰেছৰ নেতা-কৰ্মীসকলৰ লগতে চি.পি.আই(এম) নলবাৰী জিলা সমিতিৰ সদস্য ভূৱনেশ্বৰ বৰ্মন, আঞ্চলিক সমিতিৰ সম্পাদক নগেন দাস, আঞ্চলিক সমিতিৰ সদস্য বিপুল বৈশ্যকে ধৰি অসম জাতীয় পৰিষদৰ নলবাৰী জিলাৰ সম্পাদক চন্দন কলিতা, যুৱ কংগ্ৰেছ, এন.এছ.ইউ.আই, মহিলা কংগ্ৰেছ, ইয়ং বিগ্ৰেডৰ নেতৃত্ব উপস্থিত থাকে ৷ এই সভাতেই বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন মণ্ডলত যুৱ কংগ্ৰেছৰ সাংগঠনিক নিযুক্তি প্ৰদান কৰে ৷ সভাত ভাৰতীয় জনতা পাৰ্টীৰ বৰভাগৰ জ্যেষ্ঠ নেতা পৰেশ কলিতাই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে ৷ বৰক্ষেত্ৰী মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰীণা বড়োই শলাগৰ শৰাই আগবঢ়ায় ৷

RELATED ARTICLES
Lucknow
overcast clouds
36 ° C
36 °
36 °
42 %
3.9kmh
93 %
Sat
36 °
Sun
38 °
Mon
35 °
Tue
29 °
Wed
29 °

Most Popular