41.5 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমমৈৰাবাৰীত ব্যাপক উচ্ছাহেৰে উদযাপিত পবিত্ৰ ঈদ-উল-ফিতৰ: বিশ সহস্ৰাধিক লোকে একেলগে আদায় কৰিলে...

মৈৰাবাৰীত ব্যাপক উচ্ছাহেৰে উদযাপিত পবিত্ৰ ঈদ-উল-ফিতৰ: বিশ সহস্ৰাধিক লোকে একেলগে আদায় কৰিলে ঈদৰ নামাজ

মৈৰাবাৰীত ব্যাপক উচ্ছাহেৰে উদযাপিত পবিত্ৰ ঈদ-উল-ফিতৰ: বিশ সহস্ৰাধিক লোকে একেলগে আদায় কৰিলে ঈদৰ নামাজ

ইছফাকুৰ ৰহমান, দুৰ্নীতিৰ দৰ্পণ, মৈৰাবাৰী, ২২ মাৰ্চঃ পবিত্ৰ ঈদ-উল-ফিতৰৰ দিনাখন সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলাৰ মৈৰাবাৰীতো ব্যাপক উচ্ছাহ আৰু ধৰ্মীয় ভাৱগম্ভীৰ পৰিৱেশত উদযাপন কৰা হয় ঈদ৷ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম প্ৰধান ধৰ্মীয় উৎসৱ ঈদ-উল-ফিতৰ পবিত্ৰ ৰমজান মাহত এক মাহ ধৰি ৰোজা পালন কৰাৰ অন্তত আত্মসংযম, সহনশীলতা আৰু ভ্ৰাতৃত্ববোধৰ মহান বাৰ্তা লৈ আহে৷ এই বিশেষ দিনটোত মুছলিম সমাজে আল্লাহৰ ওচৰত শান্তি, মঙ্গল আৰু ক্ষমা কামনা কৰি ঈদৰ নামাজ আদায় কৰে৷ এই উপলক্ষে মৈৰাবাৰীৰ শ্বাহী ৰাজহুৱা ঈদগাহ মৈদামত প্ৰায় ২০ হাজাৰৰো অধিক মুছল্লীয়ে একেলগে সমবেত হৈ পবিত্ৰ ঈদৰ নামাজ আদায় কৰে৷ নামাজৰ অন্তত সকলোৱে পৰস্পৰে ঈদৰ শুভেচ্ছা বিনিময় কৰে আৰু ভ্ৰাতৃত্ব আৰু একতাৰ এক মনোমোহা নিদৰ্শন দাঙি ধৰে৷ উৎসৱৰ আনন্দত ডুব গৈ শিশু, যুৱক-যুৱতী তথা জ্যেষ্ঠ নাগৰিক সকলে নতুন বস্ত্ৰ পৰিধান কৰি ঈদ উদযাপন কৰে৷ সমগ্ৰ মৈৰাবাৰী অঞ্চলটোত আনন্দময় পৰিৱেশ বিয়পি পৰে আৰু সকলোৰে মাজত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক অনন্য ছবি প্ৰকাশ পায়৷ উক্ত নামাজৰ সময়ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবেও ৰাজহুৱাবাবে দোৱা প্ৰাৰ্থনা কৰি প্ৰাণৰ শিল্পী গৰাকীলৈও শ্ৰদ্ধা জনোৱা হয়৷

RELATED ARTICLES
Lucknow
broken clouds
43.1 ° C
43.1 °
43.1 °
18 %
6.4kmh
84 %
Sun
40 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular