30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমমোছৰভঙ্গাত ৰঙালী বিহু সমাপন

মোছৰভঙ্গাত ৰঙালী বিহু সমাপন

দুৰ্নীতিৰ দৰ্পণ ,গোলাঘাট জিলা, জামুগুৰি,
গোলাঘাট জিলা, ৰতনপুৰ পঞ্চায়তৰ অন্তৰ্গত মোছৰভঙ্গা গাঁৱৰ
ৰূপালীম ৰঙ্গমঞ্চৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত চতুৰ্থ বাৰ্ষিক ৰঙালী বিহু সন্মিলন দুদিনীয়া কাৰ্য্য সূচীৰে যোৱা ইং ৯ আৰু ১০ মে তাৰিখে অনুষ্ঠিত হৈ যায়।প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰা হয়। উত্তোলন কৰে স্থানীয় সমাজসেৱক শ্ৰীযুত ডিম্বেশ্বৰ বৰা দেৱে। তাৰ লগে লগে স্মৃতি তৰ্পণ সমাপন কৰি আমাৰ সকলোৰে প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গ দেৱলৈ শ্ৰদ্ধাঞ্জলী জনোৱা হয়।বিষ্ণু জ্যোতি কলাকেন্দ্ৰৰ হুঁচৰি দলে বিহু মঞ্চ খনি উদ্ধোধন কৰাৰ পিছতেই বিভিন্ন কাৰ্য্য সূচী যেনে মৌ কুঁৱৰী,সৰু বিহুৱতী, জেং বিহু আৰু সন্ধ্যালৈ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। দ্বিতীয় দিনা অৰ্থাৎ ১০ মে তাৰিখে টেকেলী ভঙা,কবিতা আবৃত্তি আৰু বঁটা বিতৰনী সভা অনুষ্ঠিত হয়।সভাত উপস্থিত থাকে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য শ্ৰীযুত ৰাজু সোনোৱাল দেৱ ,ৰতনপুৰ পঞ্চায়তৰ আঞ্চলিক সদস্য শ্ৰীযুত উজ্জল শইকীয়া, ৱাৰ্ড সদস্যা অঞ্জলি থাপা কাৰ্কী লগতে সংস্কৃতিবান ৰাইজসকল।সন্ধ্যালৈ প্ৰদৰ্শনী মূলক নৃত্য আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত পৰিব পৰিৱেশন কৰা হয়। পুৱা ৪ বজাত কাৰ্য্যসূচী সফল সমাপ্তি ঘটে।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular