39.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমলাওঁখোৱা গাওঁ পঞ্চায়তত অৰুণোদয় আঁচনিত বিসংগতিৰ অভিযোগ

লাওঁখোৱা গাওঁ পঞ্চায়তত অৰুণোদয় আঁচনিত বিসংগতিৰ অভিযোগ

লাওঁখোৱা গাওঁ পঞ্চায়তত অৰুণোদয় আঁচনিত বিসংগতিৰ অভিযোগ

দুৰ্নীতিৰ দৰ্পণ, ১৫ মাৰ্চ, কলিয়াবৰ: -উত্তৰ নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত লাওঁখোৱা গাওঁ পঞ্চায়তত চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ জনকল্যাণমূলক আঁচনি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত ব্যাপক বিসংগতি সংঘটিত হোৱা বুলি দুখীয়া ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ পঞ্চায়তখনৰ শতাধিক প্ৰকৃত আৰু যোগ্য হিতাধিকাৰী এই আঁচনিৰ পৰা বঞ্চিত হৈ থকা বুলি অভিযোগ উত্থাপন হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসাৰে, বহুতো পৰিয়াল যিসকল আগতে অৰুণোদয় আঁচনিৰ অধীনত সহায় লাভ কৰি আহিছিল, হঠাতে তেওঁলোকৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে৷ ইয়াৰ ফলত দুখীয়া আৰু আৰ্থিকভাৱে দুৰ্বল বহু পৰিয়াল এতিয়া চৰকাৰৰ এই সহায়ৰ পৰা বঞ্চিত হৈ পৰিছে৷ অভিযোগ অনুসাৰে, বিভাগীয় কিছু বিষয়া আৰু তৃতীয় পক্ষৰ কিছুমান লোক জড়িত হৈ এই নাম কৰ্তনৰ প্ৰক্ৰিয়া সংঘটিত কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে৷ চৰকাৰৰ নিয়ম অনুসাৰে ৰেচন কাৰ্ড থকা আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক অৰুণোদয় আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা আছে৷ কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গৈছে যে বহু ৰেচন কাৰ্ডধাৰী দুখীয়া পৰিয়াল এতিয়াও এই আঁচনিৰ পৰা বঞ্চিত হৈ আছে৷ ইয়াৰ বিপৰীতে কিছুমান অযোগ্য ব্যক্তিৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় বাসিন্দাসকলে৷ ইতিমধ্যে বঞ্চিত হিতাধিকাৰীসকলে এই বিষয়ে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছে৷ বহু লোক দুখে-দুৰ্দশাৰে ভৰা অৱস্থাত চৰকাৰক পুনৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে কান্দি কান্দি আহ্বান জনাইছে৷ তেওঁলোকৰ দাবী হৈছে যে বিষয়টো সম্পূৰ্ণ স্বচ্ছভাৱে তদন্ত কৰি প্ৰকৃত আৰু যোগ্য হিতাধিকাৰীসকলৰ নাম পুনৰ তালিকাত অন্তৰ্ভুক্ত কৰা হওক৷ স্থানীয় ৰাইজে লগতে দাবী জনাইছে যে এই বিসংগতিৰ সৈতে জড়িত ব্যক্তি বা কৰ্মচাৰী থাকিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ অন্যথা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ ওপৰত সাধাৰণ মানুহৰ আস্থা ক্ষুণ্ণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে তেওঁলোকে৷ এই ঘটনাক কেন্দ্ৰ কৰি লাওঁখোৱা গাওঁ পঞ্চায়তত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ৰাইজে শীঘ্ৰেই বিষয়টোত চৰকাৰী হস্তক্ষেপ আৰু ন্যায় বিচাৰ আশা কৰিছে৷

RELATED ARTICLES
Lucknow
haze
38 ° C
38 °
38 °
37 %
3.1kmh
5 %
Thu
37 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular