লালা থানাৰ কঠোৰ অভিযান ২০০ লিটাৰ চোলাই ধ্বংস ১২.৪ লিটাৰ বিদেশী সুৰা জব্দ
প্ৰতিনিধি হাইলাকান্দি ১ মাৰ্চঃ
অবৈধ মদৰ বিৰুদ্ধে কঠোৰ অৱস্থান গ্ৰহণ কৰি পুনৰ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে লালা থানাৰ আৰক্ষীয়ে। মঙলবাৰে লালা থানাৰ এটা বিশেষ দলে গোপন সূত্ৰৰ ভিত্তিত গাগলাছড়া এলেকাত ব্যাপক অভিযান চলায়। এই অভিযানত উল্লেখযোগ্য পৰিমাণ দেশীয় প্ৰস্তুত অবৈধ মদ (চোলাই) ধ্বংস আৰু জব্দ কৰা হয়।আৰক্ষী সূত্ৰে জনোৱা মতে, অভিযান চলাকালীন এলেকাত অবৈধভাৱে প্ৰস্তুত কৰি ৰখা প্ৰায় ২০০ লিটাৰ চোলাই চিনাক্ত কৰা হয়। আইনানুগ প্ৰক্ৰিয়া অনুসৰি ঘটনাস্থলতেই উক্ত বিপুল পৰিমাণ মদ ধ্বংস কৰে আৰক্ষীৰ দলে। লগতে বিক্ৰীৰ উদ্দেশ্যে মজুত কৰি ৰখা আনুমানিক ১২.৪ লিটাৰ বিদেশী সুৰা জব্দ কৰা হয়।লালা থানাৰ ফালৰ পৰা জনোৱা হৈছে যে অবৈধ মদ প্ৰস্তুত আৰু সৰবৰাহ ৰোধ কৰিবলৈ নিয়মিত নজৰদাৰী চলাই থকা হৈছে। সমাজত নেশাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসন সদায় তৎপৰ বুলিও তেওঁলোকে উল্লেখ কৰে।আৰক্ষী প্ৰশাসনে আৰু জনায় যে ভৱিষ্যতেও এই ধৰণৰ অভিযান অধিক জোৰদাৰ কৰা হ’ব আৰু অবৈধ মদৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অভিযানৰ পিছত এলেকাজুৰি চাঞ্চল্যৰ সৃষ্টি হলেও সাধাৰণ ৰাইজে আৰক্ষীৰ এই পদক্ষেপক আদৰণি জনোৱা হৈছে।
লালা থানাৰ কঠোৰ অভিযান ২০০ লিটাৰ চোলাই ধ্বংস ১২.৪ লিটাৰ বিদেশী সুৰা জব্দ
Lucknow
few clouds
35.3
°
C
35.3
°
35.3
°
29 %
2.2kmh
18 %
Wed
34
°
Thu
42
°
Fri
43
°
Sat
42
°
Sun
44
°

