মূখ্যমন্ত্ৰীৰ জন আৰ্শীবাদ যাত্ৰা মৰিগাঁৱত
মৰিগাঁও ১ মাৰ্চ: মৰিগাঁৱত জনসমুদ্ৰ: জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনা জনপ্ৰিয় মুখ্যমন্ত্ৰীক অভূতপূৰ্ব আদৰণি
জন আশীৰ্বাদ যাত্ৰাক কেন্দ্ৰ কৰি আজি মৰিগাঁও জিলাত এক অভূতপূৰ্ব উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। যাত্ৰাৰ দ্বিতীয়টো দিনত ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আদৰিবলৈ মৰিগাঁৱৰ ৰাজপথত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটি সমগ্ৰ জিলাখন এক জনসমুদ্ৰত পৰিণত হয়।
সাংস্কৃতিক বৰ্ণিল শোভাযাত্ৰা
পুৱাৰে পৰা জিলাখনৰ চোকে-কোণে কেৱল উৎসৱ মুখৰ পৰিৱেশ। মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ঢোল-তাল, পেঁপাৰ শব্দই সমগ্ৰ আকাশ-বতাহ কঁপাই তোলে। পৰম্পৰাগত নৃত্য-গীতেৰে মৰিগাঁৱৰ মাজমজিয়া জীপাল হৈ পৰে।
অনুৰাগীৰ অন্যান্য প্ৰকাশ
জন আশীৰ্বাদ যাত্ৰাক লৈ জনসাধাৰণৰ মাজত দেখা গৈছে অপৰিসীম উৎসাহ। একাংশ বিজেপি কৰ্মী তথা অনুৰাগীয়ে নিজৰ দেহৰ অংগত দলীয় প্ৰতীক আৰু ছবি আঁকি এক অন্যান্য ধৰণে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি থকা মৰম আৰু আনুগত্য প্ৰকাশ কৰা দেখা যায়। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে প্ৰিয় নেতাগৰাকীক এবাৰ চকুৰে চাবলৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথত শাৰী পাতি ৰৈ থকা পৰিলক্ষিত হয়।
উন্নয়ন আৰু আশীৰ্বাদৰ যাত্ৰা
চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বাবে ৰাইজৰ কৃতজ্ঞতা আৰু আশীৰ্বাদ ল’বলৈ উলিওৱা এই যাত্ৰাই মৰিগাঁৱত এক নতুন মাত্ৰা লাভ কৰিছে। ৰাইজৰ এই বিপুল সঁহাৰিয়ে ইয়াকে প্ৰমাণ কৰিছে যে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি জনসাধাৰণৰ আস্থা অধিক দৃঢ় হৈছে।
উল্লেখযোগ্য যে, জন আশীৰ্বাদ যাত্ৰাৰ এই দ্বিতীয় দিনটোত হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে জিলাখনত এক উৎসৱৰ পৰিৱেশ সৃষ্টি কৰিছে। প্ৰতিজন লোকৰ মুখত কেৱল মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশংসা ।

