33.2 C
New Delhi
Thursday, July 30, 2026
spot_img
Homeঅসমশিৱসাগৰৰ নিউ লুক একাডেমীৰ ধাৰাবাহিক সফলতাঃ ১০০ শতাংশ উত্তীৰ্ণৰে ৰাজ্যজুৰি চৰ্চা*

শিৱসাগৰৰ নিউ লুক একাডেমীৰ ধাৰাবাহিক সফলতাঃ ১০০ শতাংশ উত্তীৰ্ণৰে ৰাজ্যজুৰি চৰ্চা*

শিৱসাগৰৰ নিউ লুক একাডেমীৰ ধাৰাবাহিক সফলতাঃ ১০০ শতাংশ উত্তীৰ্ণৰে ৰাজ্যজুৰি চৰ্চা*

​ *দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ , শিৱসাগৰ,১০ এপ্ৰিলঃ* শিৱসাগৰৰ অন্যতম আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান নিউ লুক একাডেমীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত পুনৰবাৰ গৌৰৱোজ্জ্বল ফলাফল প্ৰদৰ্শন কৰি এক নতুন মাত্ৰা প্ৰদান কৰিছে। ২০২৬ বৰ্ষৰ ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিদ্যালয়খনিৰ শতকৰা ১০০ শতাংশ শিক্ষাৰ্থীয়েই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হয়।উল্লেখযোগ্য যে, ২০১৪ চনত প্ৰথমবাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱা দিনৰে পৰা বিগত ১৩ বছৰ ধৰি বিদ্যালয়খনে ধাৰাবাহিকভাৱে এই সফলতা অক্ষুণ্ণ ৰাখিছে। এইবাৰ শিক্ষানুষ্ঠানখনৰ পৰা মুঠ ৩১ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকীয়েই কৃতিত্বৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ইয়াৰে ১০ গৰাকীয়ে ডিষ্টিংচন, ১৪ গৰাকীয়ে ষ্টাৰ আৰু ৭ গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰি সমগ্ৰ শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয়খনৰ এনে শৃংখলাবদ্ধ শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলতেই এই বৃহৎ সফলতা লাভ কৰা বুলি জনাইছে শিক্ষানুষ্ঠান কৰ্তৃপক্ষই। নিউ লুক একাডেমীৰ এই চমকপ্ৰদ ফলাফলে সমগ্ৰ ৰাজ্যৰ শিক্ষাক্ষেত্ৰখনৰ বাবেই এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বুলি এতিয়া বিদ্বত সমাজত চৰ্চা লাভ কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
32.6 ° C
32.6 °
32.6 °
59 %
4.7kmh
86 %
Wed
32 °
Thu
34 °
Fri
33 °
Sat
36 °
Sun
35 °

Most Popular