শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত ‘ড্ৰামা এণ্ড থিয়েটাৰ এক্টিং’ পাঠ্যক্ৰমৰ শুভ উদ্বোধন*
দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ,শিৱসাগৰ,৫ মেঃ “নাটক কেৱল মনোৰঞ্জন নহয়, ই মানৱীয় চেতনাৰ এক দাপোন। নাটকে একোখন সমাজৰ প্ৰতিটো দিশ প্ৰতিফলিত কৰিব পাৰে।”— এই মন্তব্য বিশিষ্ট নাট্যশিল্পী প্ৰশান্ত শৰ্মাৰ। আজি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত নতুনকৈ আৰম্ভ কৰা ‘ড্ৰামা এণ্ড থিয়েটাৰ এক্টিং’ শীৰ্ষক এক ‘এড অন’ পাঠ্যক্ৰমৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ এইদৰে কয়।মহাবিদ্যালয়ৰ মানৱ ণসম্পদ পৰিচালনা আৰু বিপণন বিভাগৰ সহযোগত আয়োজিত এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্তই। তেখেতে বৰ্তমানৰ প্ৰেক্ষাপটত এনে বৃত্তিমুখী পাঠ্যক্ৰমৰ প্ৰাসংগিকতাৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে। মানৱ সম্পদ পৰিচালনা আৰু বিপণন বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰদীপ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে অভিনেতা তথা নাট্যশিল্পী ক্ৰমে শান্তনু চেতিয়া, গৌতম দত্ত ফুকন আৰু বকুল বিজয় চুতীয়া উপস্থিত থাকে। লগতে বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পংকজ জ্যোতি হাজৰিকাইও অংশগ্ৰহণ কৰে।বক্তাসকলে নাটকৰ ইতিহাস, অসমীয়া ভাওনা সংস্কৃতিৰ প্ৰাসংগিকতাৰ লগতে বৰ্তমান ভাওনা সংস্কৃতিত সোমাই পৰা ‘বহুৱালি’ৰ নেতিবাচক দিশসমূহৰ ওপৰত আলোকপাত কৰে।বিশেষকৈ সম্প্ৰতি কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ যুগত নাটকৰ প্ৰয়োজনীয়তা আৰু এই ক্ষেত্ৰত থকা ভৱিষ্যতৰ সম্ভাৱনা সম্পৰ্কে তেওঁলোকে শিক্ষাৰ্থীসকলক এক মনোজ্ঞ ব্যাখ্যা আগবঢ়ায়।মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ আৰু ব্যৱস্থাপনা বিভাগৰ যৌথ প্রচেষ্টাত, সমন্বয়ক আৰিফ হাজৰিকা আৰু অধ্যাপক ড° প্রদীপ গগৈৰ উদ্যোগত আয়োজিত এই পাঠ্যক্ৰমটোৱে শিক্ষাৰ্থীৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্য স্থিৰ কৰিছে। নাট্য ইতিহাসৰ পৰা অভিনয়ৰ জটিল কৌশললৈকে সামৰি লোৱা এই পাঠ্যক্ৰমটো মহাবিদ্যালয়খনৰ শৈক্ষিক যাত্ৰাত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰে। এশৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰা আজিৰ এই অনুষ্ঠানৰ শেষত অধ্যাপক ড° প্ৰদীপ গগৈয়ে শলাগৰ শৰাই আগবঢ়ায়।

