35.7 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমসর্বসাধাৰণ গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰন্ধন গেছৰ বিতৰণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্ত সুমিত...

সর্বসাধাৰণ গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰন্ধন গেছৰ বিতৰণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ, অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে গ্রহণ কৰা হ’ব ব্যৱস্থা

সর্বসাধাৰণ গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰন্ধন গেছৰ বিতৰণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ, অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে গ্রহণ কৰা হ’ব ব্যৱস্থা

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ১৩ মার্চঃ তিনিচুকীয়া জিলাৰ ২২ টা ৰন্ধন গেছৰ বিতৰক প্রতিষ্ঠানলৈ নিয়মীয়াভাৱে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সৰবৰাহ অব্যাহত আছে। সৰ্বসাধাৰণ গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰন্ধন গেছৰ বিতৰণ নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট পক্ষক নির্দেশ দিছে তিনিচুকীয়াৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে। জিলা আয়ুক্ত গৰাকীয়ে আজি অইল বিতৰক অভিকৰণ, বিভিন্ন বিতৰক প্রতিষ্ঠান আৰু বিভাগীয় বিষয়াবর্গৰ উপস্থিতিত সাম্প্রতিক পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা কৰি এই নির্দেশ দিয়ে। জিলা আয়ুক্ত গৰাকীয়ে কয় যে চৰকাৰৰ শেহতীয়া নির্দেশনা অনুসৰি জিলা প্রশাসনে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে আৰু যিকোনো অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। বাণিজ্যিক সংযোগৰ ৰন্ধন গেছৰ গ্ৰাহকসকলক পাইপযোগে গেছ যোগানৰ ব্যৱস্থা গ্ৰহণৰ বাবেও জিলা আয়ুক্ত গৰাকীয়ে গেছ কোম্পানীৰ বিষয়াক পৰামর্শ আগবঢ়ায়। পর্যাপ্ত মজুত আৰু নিয়মীয়া যোগান অব্যাহত থকাৰ পিছতো উৰাবাতৰিৰ বাবে যাতে গ্রাহকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নহয় তাৰ প্রতি সতর্ক হ’বলৈ আৰু চৰকাৰৰ শেহতীয়া নির্দেশনাৰ প্রসংগত সজাগতা বৃদ্ধিৰ বাবেও পদক্ষেপ লোৱাৰ বাবে আজি গুৰুত্ব দিয়া হয়। আজিৰ সভাত বিভাগৰ দায়িত্বপ্রাপ্ত অতিৰিক্ত জিলা আয়ুক্ত পংকজ নাগবংশী, উপ সঞ্চালক বিৰিঞ্চি কুমাৰ দত্ত, আই অ’ চি এলৰ প্ৰৱন্ধকদ্বয় প্রতিক্ষা খনিকৰ, চ’চেম হুংগিঅ’, পার্থপ্রতীম দাসৰ লগতে সকলো ৰন্ধন ‘গেছ বিতৰকসকল উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
overcast clouds
33 ° C
33 °
33 °
57 %
6kmh
100 %
Fri
32 °
Sat
36 °
Sun
36 °
Mon
30 °
Tue
32 °

Most Popular