35.9 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমস্বৰ্গীয়া থুনুকী বুঢ়াগোহাঁই স্মৃতি ন্যাস সমিতিৰ বঁটা প্ৰদান সভা সম্পন্ন*

স্বৰ্গীয়া থুনুকী বুঢ়াগোহাঁই স্মৃতি ন্যাস সমিতিৰ বঁটা প্ৰদান সভা সম্পন্ন*

স্বৰ্গীয়া থুনুকী বুঢ়াগোহাঁই স্মৃতি ন্যাস সমিতিৰ বঁটা প্ৰদান সভা সম্পন্ন*

দুৰ্নীতিৰ দৰ্পণ,ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ,১৫ মেঃ শিৱসাগৰ দিলিহি ধাই আলি উচ্চ মাধ্যমিক বিদ্যালয়ত স্বৰ্গীয়া থুনুকী বুঢ়াগোহাঁই স্মৃতি ন্যাস সমিতিৰ অভিনন্দন বঁটা প্ৰদান অনুষ্ঠানটি অলপতে অতি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সম্পন্ন হৈ যায়। উক্ত অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ কৃতি ছাত্ৰ ইউৱৰাজ দাসক ন্যাস সমিতিৰ তৰফৰ পৰা অভিনন্দন পত্ৰ, কিতাপৰ টোপোলা আৰু নগদ ১০,০০০ টকাৰ মাননী প্ৰদান কৰা হয়। ইয়াৰ উপৰিও বিদ্যালয়খনৰ আন আন কৃতি ছাত্ৰ-ছাত্ৰীসকলকো কিতাপ উপহাৰ দি অভিনন্দন জনোৱা হয়। উল্লেখ্য যে, ২০০৩ চনতে এই স্মৃতি ন্যাস গঠন কৰি মহীয়সী মাতৃগৰাকীৰ সুযোগ্য সন্তানসকলে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে। যোৱা ১৩ মে’ ২০২৬, বুধবাৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰী মামু দুৱৰাই আঁত ধৰা এই সভাত সভাপতিত্ব কৰে অনন্ত কুমাৰ গগৈয়ে।​সভাত দাতা পৰিয়ালৰ তন্ময় বুঢ়াগোহাঁই আৰু তেওঁৰ সহধৰ্মিণীৰ লগতে বিশিষ্ট অতিথি হিচাপে বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা মঞ্জুমালা শৰ্মা আৰু অৱসৰী অধ্যক্ষা প্ৰতিমা বুঢ়াগোহাঁই উপস্থিত থাকে। লগতে অসম মাধ্যমিক শিক্ষক সংস্থাৰ মুখ্য সম্পাদক ব্ৰজেন চেতিয়া, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মহানৰঞ্জন দত্ত, দিচাংপাৰ সমলকেন্দ্ৰ সমন্বয়ক অপূৰ্ব বৰা, বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দ উপস্থিত থাকে। বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ লগতে বহুতো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সহ-শিক্ষক অনন্ত গগৈয়ে আদৰণি ভাষণ আগবঢ়ায়।​এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সদ্যপ্ৰয়াত শিক্ষক ঘনকান্ত শৰ্মাৰ সোঁৱৰণত তেখেতৰ পৰিয়ালে দ্বিতীয় সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত নমিত চুতীয়াকো অভিনন্দন পত্ৰ আৰু ৪০০০ টকাৰ মাননী প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে। শৰ্মাৰ পৰিয়ালে এই বঁটাটো প্ৰতিবছৰে আগবঢ়াব বুলি জানিবলৈ দিয়ে। ইফালে উক্ত সভাতে ধাই আলি আঞ্চলিক লেখিকা সমাজেও তন্ময় বুঢ়াগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰে। এনেদৰে সকলোৰে সহযোগত অনুষ্ঠানটো সুকলমে সামৰণি পৰে।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular