হাঁহচৰাত ১০ দিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সফল সামৰণি*
দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ১১ এপ্ৰিলঃ শিৱসাগৰ জিলাৰ হাঁহচৰাৰ ভাধৰা খেলপথাৰত দহ দিনীয়াকৈ আয়োজিত বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাখনি সফলতাৰে সম্পন্ন হৈছে৷ জিলাখনৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ’সমন্বয় সাংস্কৃতিক গোষ্ঠী’ আৰু ’মুৰলী মোহন কলাকেন্দ্ৰ’ৰ যুটীয়া উদ্যোগত তথা ভাধৰা সন্মিলিত ক্ৰীড়া সংঘৰ বিশেষ সহযোগত যোৱা ২৩ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়৷ ১৯৮৪ চনৰ বিহুৰাণী মীনা কোঁৱৰে আঁত ধৰা এই কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বয়োজ্যেষ্ঠ ব্যক্তি তপন বুঢ়াগোহাঁইয়ে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ পিছতেই চৰাইদেউৰ এসময়ৰ বিহুৱতী প্ৰিয়ংকা শৰ্মাই আমন্ত্ৰিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি কৰ্মশালাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ উক্ত অনুষ্ঠানত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক তথা সাংবাদিক অমৃত কুমাৰ শৰ্মাই অংশগ্ৰহণ কৰি এক শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷ লগতে অনুষ্ঠানটোত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ মুখ্য সমন্বয়ক তথা অভিনয়শিল্পী পৰী শইকীয়াও উপস্থিত থাকে৷ প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাখনিত মুখ্য পৰিচালক মীনা কোঁৱৰ আৰু সহঃ পৰিচালক তথা সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সাংস্কৃতিক সম্পাদিকা দেৱযানী ৰাজখুৱাই বিশেষ ভূমিকা পালন কৰে৷ লগতে বিহুনাচৰ উদীয়মান প্ৰশিক্ষক অংশ্ৰুতা কোঁৱৰ আৰু মনীষা চন্দৰ লগতে যুৱ ঢোলবাদক প্ৰশান্ত শইকীয়াই প্ৰশিক্ষণ প্ৰদান কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে৷ সমগ্ৰ কাৰ্যসূচীটি সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত ময়ূৰী কোঁৱৰ, নলিনী গগৈ আৰু ভাৰ্গৱ কোঁৱৰে আগবঢ়োৱা অৱদান সকলোৱে শলাগিছে৷

