33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমহাইলাকান্দিত বহনক্ষম কৃষি ব্যৱস্থাৰ লক্ষ্যৰে সুষম সাৰ ব্যৱহাৰত গুৰুত্ব, কৃষি বিষয়াসকলক লৈ...

হাইলাকান্দিত বহনক্ষম কৃষি ব্যৱস্থাৰ লক্ষ্যৰে সুষম সাৰ ব্যৱহাৰত গুৰুত্ব, কৃষি বিষয়াসকলক লৈ বৈজ্ঞানিক পুষ্টি ব্যৱস্থাপনা সন্দৰ্ভত সজাগতা কাৰ্যসূচী অনুষ্ঠিত

হাইলাকান্দিত বহনক্ষম কৃষি ব্যৱস্থাৰ লক্ষ্যৰে সুষম সাৰ ব্যৱহাৰত গুৰুত্ব, কৃষি বিষয়াসকলক লৈ বৈজ্ঞানিক পুষ্টি ব্যৱস্থাপনা সন্দৰ্ভত সজাগতা কাৰ্যসূচী অনুষ্ঠিত
প্ৰীতম দাস হাইলাকান্দি ৮ মে’: কৃষিক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ সমান্তৰালভাৱে মাটিৰ স্বাস্থ্য সুৰক্ষা আৰু দীৰ্ঘম্যাদী বহনক্ষম কৃষি ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে হাইলাকান্দিত এক গুৰুত্বপূৰ্ণ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়৷ বৃহস্পতিবাৰে হাইলাকান্দি কৃষি বিভাগৰ প্ৰশিক্ষণ হলত আয়োজিত এই কাৰ্যসূচীৰ মূল বিষয় আছিল সুষম সাৰ ব্যৱহাৰ আৰু বৈজ্ঞানিকভিত্তিক পুষ্টি উপাদান ব্যৱস্থাপনা৷ আইচিএআৰ-কেভিকে হাইলাকান্দি আৰু জিলা কৃষি বিভাগৰ যৌথ উদ্যোগত এই কাৰ্যসূচী আয়োজন কৰা হয়৷ বৰ্তমান সময়ত কৃষিক্ষেত্ৰত অত্যধিক ৰাসায়নিক সাৰৰ ব্যৱহাৰে মাটিৰ উৰ্বৰতা আৰু পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে৷ এই পৰিস্থিতিত কৃষকসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে কৃষি বিষয়াসকলক আধুনিক বৈজ্ঞানিক কৃষি ব্যৱস্থাপনাৰ ক্ষেত্ৰত অধিক দক্ষ কৰি তোলাৰ উদ্দেশ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয় বুলি আয়োজকসকলে জানিবলৈ দিয়ে৷ অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষি সম্প্ৰসাৰণ বিষয়াসকলে অংশগ্ৰহণ কৰে৷ কাৰ্যসূচীত মাটিৰ স্বাস্থ্যভিত্তিক সাৰ প্ৰয়োগ সমন্বিত পুষ্টি উপাদান ব্যৱস্থাপনা জৈৱ আৰু জৈৱ উপাদানৰ ব্যৱহাৰ বৃদ্ধি ৰাসায়নিক সাৰৰ অপ্ৰয়োজনীয় ব্যৱহাৰ হ্ৰাস আৰু পৰিৱেশ অনুকূল কৃষি পদ্ধতি গ্ৰহণৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হয়৷ বিশেষজ্ঞসকলে কয় যে সঠিক পৰিমাণত আৰু সঠিক সময়ত সাৰ প্ৰয়োগ কৰিলে যেনেকৈ উৎপাদন বৃদ্ধি পায়, তেনেদৰে মাটিৰ গুণগত মানো দীৰ্ঘদিন ধৰি অক্ষুণ্ণ থাকে৷ অনুষ্ঠানটোৰ সমন্বয় কৰে আইচিএআৰ-কেভিকে হাইলাকান্দিৰ মুৰব্বী ড° সৌৰভ শৰ্মা আৰু জিলা কৃষি বিষয়া (ডিএঅ’) মনোজ বৈশ্যই৷ তেওঁলোকে নিজৰ বক্তব্যত বৰ্তমান কৃষিক্ষেত্ৰৰ বিভিন্ন প্ৰত্যাহ্বান জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু বহনক্ষম কৃষি ব্যৱস্থাৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে৷ তেওঁলোকে কয় যে কেৱল উৎপাদন বৃদ্ধি কৰিলেই নহ’ব, মাটিৰ স্বাস্থ্য আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিও কৃষিক্ষেত্ৰক আগুৱাই নিব লাগিব৷ সুষম সাৰৰ ব্যৱহাৰৰ জৰিয়তে এই লক্ষ্যত উপনীত হ’ব পৰা যায়৷ ইয়াৰ উপৰিও কৃষকসকলৰ মাজলৈ আধুনিক কৃষি প্ৰযুক্তি পৌঁছাই দিয়া ক্ষেত্ৰ পৰ্যায়ত বৈজ্ঞানিক পৰামৰ্শ আগবঢ়োৱা আৰু কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়৷ বক্তাসকলে কয় যে কৃষকসকলক সজাগ আৰু প্ৰশিক্ষিত কৰি তোলাত কৃষি বিষয়াসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ মুঠ ৫৫ গৰাকী অংশগ্ৰহণকাৰীৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত এডিঅ’ ৰাজিবুল হক মোল্লা আৰু আকাশদ্বীপ কৰিগাপ্সাও উপস্থিত থাকে৷ অনুষ্ঠানৰ অন্তত এক আন্তঃক্ৰিয়ামূলক আলোচনা সভাৰ আয়োজন কৰা হয় য’ত অংশগ্ৰহণকাৰীসকলে কৃষিক্ষেত্ৰৰ বাস্তৱ সমস্যা প্ৰত্যাহ্বান আৰু সম্ভাৱ্য সমাধানসমূহ সন্দৰ্ভত মত বিনিময় কৰে৷ সমগ্ৰ কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ কৃষকসকলৰ মাজত সুষম সাৰ ব্যৱহাৰ, বৈজ্ঞানিক কৃষি উপাদান ব্যৱস্থাপনা আৰু বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰত সামূহিক পদক্ষেপ গ্ৰহণৰ বাৰ্তা প্ৰেৰণ কৰা হয়৷

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular