31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমহাইলাকান্দি আৰক্ষীৰ ডাঙৰ সফলতাঃ ৫ কোটি টকাৰ য়াবা উদ্ধাৰ, আটক দুই চোৰাং...

হাইলাকান্দি আৰক্ষীৰ ডাঙৰ সফলতাঃ ৫ কোটি টকাৰ য়াবা উদ্ধাৰ, আটক দুই চোৰাং ব্যৱসায়ী

হাইলাকান্দি আৰক্ষীৰ ডাঙৰ সফলতাঃ ৫ কোটি টকাৰ য়াবা উদ্ধাৰ, আটক দুই চোৰাং ব্যৱসায়ী
প্ৰতিনিধি হাইলাকান্দি ২৩ ফেব্ৰুৱাৰী:
সমগ্ৰ অসমতে চলি থকা ড্ৰাগছ বিৰোধী অভিযানত হাইলাকান্দি জিলা আৰক্ষীয়ে পুনৰবাৰ বৃহৎ সফলতা লাভ কৰিছে। গোপন তথ্যৰ ভিত্তিত পৰিকল্পিত আৰু সুসংগঠিত এক বিশেষ অভিযানত প্ৰায় ৫ কোটি টকাৰ বিপুল পৰিমাণৰ য়াবা টেবলেট উদ্ধাৰ কৰা হয়। এই ঘটনাত আৰক্ষীয়ে মিজোৰাম ৰাজ্যৰ পৰা দুজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। একে সময়তে চোৰাং ব্যৱসায়ত ব্যৱহৃত এখন মহিন্দ্ৰা গাড়ীও জব্দ কৰা হয়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে হাইলাকান্দি আৰক্ষী থানাৰ এটা বিশেষ দলে জিলাখনৰ বাউৰঘাট পাৰ্ট ১ এলেকাত নিয়মীয়াকৈ টহল দি থকা অৱস্থাত সন্দেহজনকভাৱে চলাচল কৰা এখন পঞ্জীয়ন নম্বৰ এম জেড ০১ আৰ ৬৪৩৪ৰ মহিন্দ্ৰা বাহনৰ গতিবিধি লক্ষ্য কৰে। লগে লগে আৰক্ষীয়ে গাড়ীখন ৰখাই তালাচী চলাবলৈ সিদ্ধান্ত লয় কাৰণ গাড়ীখনে সন্দেহজনক আচৰণ কৰিছিল। গাড়ীখনত থকা মিছ মাৰ্চি পিল্লাই আৰু থংজাগিন হাওকিপৰ বক্তব্যত অসামঞ্জস্যতা বিচাৰি পাই আৰক্ষীয়ে অধিক সতৰ্ক হৈ পৰে আৰু গাড়ীখনৰ ভিতৰত বিতংভাৱে তালাচী চলায়। তালাচীৰ এটা সময়ত গাড়ীৰ ভিতৰত অতি চতুৰতাৰে নিৰ্মিত এটা গোপন চেম্বাৰ উদ্ধাৰ হয়। চেম্বাৰটো খুলিলেই ১২টা পেকেটত লুকুৱাই থোৱা বিপুল পৰিমাণৰ ইয়াবা টেবলেট উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে গণনা কৰি বাহনখনৰ পৰা মুঠ ১ লাখ ২১ হাজাৰ ইয়াবা টেবলেট উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। উদ্ধাৰ হোৱা য়াবাৰ আনুমানিক বজাৰ মূল্য প্ৰথম অৱস্থাত প্ৰায় ৫ কোটি টকা বুলি অনুমান কৰা হৈছে। ইমান বৃহৎ পৰিমাণৰ য়াবা উদ্ধাৰে জিলাখনত এক বৃহৎ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযানৰ শেষত অভিযুক্ত দুজনক থিতাতে গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰাং ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা মহিন্দ্ৰা গাড়ীখনো জব্দ কৰে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে মাদক দ্ৰব্য নিয়ন্ত্ৰণ আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে তেওঁলোকৰ জেৰা আৰম্ভ হৈছে আৰু তদন্তকাৰী দলে এই গেঙৰ লগত আৰু কোনোবা জড়িত আছে নে নাই তদন্ত কৰি আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি সমগ্ৰ অসমতে ড্ৰাগছ বিৰোধী অভিযানত ৰাজ্য আৰক্ষীয়ে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে আৰু ভৱিষ্যতে এনে অভিযান শক্তিশালী হ’ব। সীমান্তৱৰ্তী জিলাসমূহত বিশেষ সতৰ্কতা বৃদ্ধি কৰাৰ কথাও উল্লেখ কৰে। হাইলাকান্দি আৰক্ষীৰ সফলতাত স্থানীয় জনসাধাৰণ আনন্দ আৰু প্ৰশংসা কৰিছে। সচেতন মহলৰ মতে, নিৰন্তৰ আৰু কঠোৰ অভিযানৰ জৰিয়তে ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ এই সক্ৰিয় ভূমিকাই ভৱিষ্যতে অধিক ইতিবাচক ফলাফল কঢ়িয়াই আনিব।

RELATED ARTICLES
Lucknow
overcast clouds
31.1 ° C
31.1 °
31.1 °
64 %
5.1kmh
100 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
36 °

Most Popular