35.1 C
New Delhi
Monday, July 27, 2026
spot_img
Homeঅসমহাইলাকান্দি আৰক্ষীৰ বৃহৎ সফলতা ২০ লাখ টকাৰ ১০ হাজাৰ য়াবা টেবলেট জব্দ...

হাইলাকান্দি আৰক্ষীৰ বৃহৎ সফলতা ২০ লাখ টকাৰ ১০ হাজাৰ য়াবা টেবলেট জব্দ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ আনজন পলাতক

হাইলাকান্দি আৰক্ষীৰ বৃহৎ সফলতা ২০ লাখ টকাৰ ১০ হাজাৰ য়াবা টেবলেট জব্দ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ আনজন পলাতক
প্ৰতিনিধি হাইলাকান্দি ২৩ জুন: মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চলি থকা অভিযানত হাইলাকান্দি জিলা আৰক্ষীয়ে এক উল্লেখযোগ্য সফলতা লাভ কৰিছে। গোপন সূত্ৰৰ ভিত্তিত হাইলাকান্দি চহৰৰ মিছন ৰোড এলেকাত চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে প্ৰায় ১০ হাজাৰ নিষিদ্ধ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা য়াবাসমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় ২০ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
এই ঘটনাৰ সৈতে জড়িত এজন মাদক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে যদিও তেওঁৰ এজন সহযোগীয়ে আৰক্ষীৰ অভিযানৰ সময়ত পলায়ন কৰিবলৈ সক্ষম হয়। পলাতক অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে।আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি মিছন ৰোড এলেকাত এটা চক্ৰই মাদক দ্ৰব্য সৰবৰাহ কৰি অহাৰ তথ্য লাভ কৰিছিল। সেই তথ্যৰ ভিত্তিত মঙলবাৰে হাইলাকান্দি আৰক্ষীৰ এটা বিশেষ দলে পৰিকল্পিতভাৱে অভিযান চলায়। অভিযানৰ সময়ত সন্দেহজনক গতিবিধিৰ ভিত্তিত AS-24-E-0448 নম্বৰৰ এখন অল্টো বাহন ৰখাই তালাচী চলোৱা হয়।তালাচীৰ সময়ত বাহনখনৰ ভিতৰত বিশেষভাৱে লুকুৱাই ৰখা প্ৰায় ১০ হাজাৰ নিষিদ্ধ য়াবা টেবলেট উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰিও বাহনখনৰ পৰা কিছু নগদ ধন এখন ড্ৰাইভিং লাইচেঞ্চ আৰু আন কেইবাখনো গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰা হয়। তদন্তৰ স্বাৰ্থত জব্দ কৰা সকলো সামগ্ৰী আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।এই অভিযানৰ নেতৃত্ব দিয়ে হাইলাকান্দি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) সমীৰ দপ্তৰ বৰুৱাই। অভিযানত হাইলাকান্দি সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’চি) প’ল লাললানচাঙা আৰু আৰক্ষীৰ বিশেষ দল উপস্থিত আছিল।অভিযান চলাকালীন নজমুল হক মজাৰভূঞা নামৰ এজন লোকক ঘটনাস্থলীৰ পৰাই গ্ৰেপ্তাৰ কৰা হয়। আনহাতে তেওঁৰ সৈতে থকা আন এজন সহযোগীয়ে আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে। আৰক্ষীয়ে পলাতক অভিযুক্তজনৰ পৰিচয় নিশ্চিত কৰিছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে জিলাখনৰ বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত সন্দেহ প্ৰকাশ কৰা হৈছে যে ইমান বৃহৎ পৰিমাণৰ য়াবা টেবলেট জিলাখনৰ বিভিন্ন অঞ্চলত সৰবৰাহ কৰাৰ উদ্দেশ্যে অনা হৈছিল। তদন্তকাৰী সংস্থাসমূহে অনুমান কৰিছে যে এই চালানৰ আঁৰত এটা বৃহৎ মাদক সৰবৰাহ চক্ৰ সক্ৰিয় হৈ আছে। চক্ৰটোৰ আন সদস্যসকলক চিনাক্ত কৰিবলৈ তদন্তৰ পৰিসৰ অধিক বিস্তৃত কৰা হৈছে।আৰক্ষীয়ে জানিবলৈ দিছে যে জব্দ কৰা য়াবাসমূহ ক’ৰ পৰা অনা হৈছিল ইয়াক ক’ত যোগান ধৰাৰ পৰিকল্পনা আছিল আৰু ইয়াৰ সৈতে আন্তঃজিলা অথবা আন্তঃৰাজ্যিক মাদক সৰবৰাহ চক্ৰৰ কোনো সম্পৰ্ক আছে নে নাই, সেই সকলো দিশত গভীৰ তদন্ত চলি আছে।জিলা আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে নিচামুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে সমগ্ৰ হাইলাকান্দি জিলাত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান আৰু অধিক তীব্ৰ কৰা হ’ব। মাদক সৰবৰাহ সংৰক্ষণ বা বিক্ৰীৰ সৈতে জড়িত কোনো ব্যক্তি বা চক্ৰক কোনো পৰিস্থিতিতেই ৰেহাই দিয়া নহ’ব। আগন্তুক দিনতো এনে বিশেষ অভিযান ধাৰাবাহিকভাৱে চলি থাকিব আৰু দোষীসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

RELATED ARTICLES
Lucknow
overcast clouds
34.1 ° C
34.1 °
34.1 °
52 %
2.5kmh
100 %
Sun
34 °
Mon
38 °
Tue
38 °
Wed
34 °
Thu
35 °

Most Popular