33.7 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমহাজোত ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

হাজোত ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

হাজোত ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

ষ্টাফ ৰিপৰ্টাৰ দুৰ্নীতিৰ দৰ্পণ ২৭ এপ্ৰিল –কামৰূপ জিলাৰ তীৰ্থ নগৰী হাজোত আজি অত্যাধুনিক ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয় । হাজো ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু স্পোটচ একাডেমীৰ তত্বাৱধানত , হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পোন্ধৰ বছৰৰ তলৰ ল’ৰা ছোৱালী প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে অনুষ্ঠিত ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰটো আজি বিয়লি হাজোস্থিত নব নিৰ্মিত ষ্টেডিয়ামত মুকলি কৰে অসমৰ প্ৰাক্তন ৰঞ্জি ট্ৰফী খেলুৱৈ জাভেদ জামানে । ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰি প্ৰাক্তন ৰঞ্জী ট্ৰফী খেলুৱৈ জাভেদ জামানে কয় যে হাজোত বহু প্ৰতিভাসম্পন্ন খেলুৱৈ আছে কিন্তু প্ৰশিক্ষণৰ অভাৱত তেওঁলোকৰ বেছি ভাগৰে প্ৰতিভা পিছ পৰি থকা যেন অনুভৱ হয় । কিন্তু এতিয়া যিহেতু হাজো ক্ৰীড়া সন্থাৰ লগতে স্পোটচ একাডেমীৰ তত্বাৱধানত আজিৰ পৰা ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ মুকলি হ’ল এতিয়া আৰু হাজোৰ আগ্ৰহী খেলুৱৈ পিছ হোহুকি আহিব নালাগে ।এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই এদিন হাজোৰ‌ প্ৰতিভাৱন খেলুৱৈ সকলে ভাৰতীয় ক্ৰিকেট টিমত অন্তৰ্ভুক্ত হৈ হাজোলৈ গৌৰৱ কঢ়িয়াই অনাৰ আশা ব্যক্ত কৰে। আজিৰ এই প্ৰশিক্ষণ মুকলি কেন্দ্ৰত পঞ্চাছ জনৰ অধীক প্ৰশিক্ষাৰ্থী অংশ গ্ৰহন কৰাৰ লগতে উদ্যোগতা হাজো ক্ৰীড়া সন্থা, হাজো ৰাইজৰ সভাপতি সম্পাদক ক্ৰমে নিপেন দাস ,মহিম কুমাৰ দাস , হাজো ৰাইজৰ প্ৰাক্তন সভাপতি মোহন মালাকাৰ ,সমাজ কৰ্মী ভাস্কৰ বৰুৱা,অভিভাৱক তথা হাজোৰ ক্ৰীয়া অনুৰাগী,গন্য মান্য ব্যক্তি প্ৰমুখ্যে প্ৰশিক্ষক হিচাপে উপস্থিত থাকে দক্ষিণ কামৰূপ ক্ৰিকেট একাডেমীৰ মিৰ্জাৰ প্ৰশিক্ষক অনিল দাস ।

RELATED ARTICLES
Lucknow
overcast clouds
34.8 ° C
34.8 °
34.8 °
43 %
4.6kmh
97 %
Wed
35 °
Thu
36 °
Fri
34 °
Sat
35 °
Sun
35 °

Most Popular