33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
HomeঅসমJMM আৰু JBP লগতে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ সভাত সোণাৰিৰ আকাশত...

JMM আৰু JBP লগতে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ সভাত সোণাৰিৰ আকাশত সঘনে উৰিছে হেলিকপ্তাৰ, নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ নিজা দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ ঝাৰখণ্ড আৰু উৰিষ্যাৰ হাই প্ৰফাইল নেতাৰ নিৰ্বাচনী প্ৰচাৰ

JMM আৰু JBP লগতে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ সভাত সোণাৰিৰ আকাশত সঘনে উৰিছে হেলিকপ্তাৰ, নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ নিজা দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ ঝাৰখণ্ড আৰু উৰিষ্যাৰ হাই প্ৰফাইল নেতাৰ নিৰ্বাচনী প্ৰচাৰ

চৰাইদেউৰ পৰা ৰাজু গগৈ দুৰ্নীতিৰ দৰ্পণ সেৱা, ৫ এপ্ৰিল ২০২৬: আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত ৯৩ নং সোণাৰি বিধানসভা সমষ্টি NDA মিত্ৰজোঁটৰ বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ, জয় ভাৰত পাৰ্টী আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বল্লদেব টেলি লগতে বিৰুধী মিত্ৰজোঁটৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী উৎপল গগৈয়ে তীব্ৰ গতিৰে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি প্ৰতিজন প্ৰাৰ্থীয়ে নিজৰ নিজৰ দলৰ প্ৰতি ভোটাৰ ৰাইজক আৰ্কষণ কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে৷ ৯৩ নং সোণাৰি বিধানসভা সমষ্টিৰ এই বাৰৰ নিৰ্বাচনত হাই প্ৰফাইল নেতাৰ আগমণত নিৰ্বাচনী প্ৰচাৰৰ যুঁজ অতিকে আকৰ্ষণীয় হৈ উঠিছে৷ চৰাইদেউ সোণাৰিৰ আকাশত সঘনে হেভিৱেট ৰাজনৈতিক নেতাৰ হেলিকপ্টাৰ উৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্য ভোটাৰ ৰাইজে প্ৰত্যক্ষ কৰিছে৷ আজি JMM আৰু JBP ৰ নিৰ্বাচনী প্ৰচাৰ সভাত আজি সোণাৰিৰ টাউকাক চাহ বাগিচাৰ পূজা বাৰী খেল পথাৰত আবেলি প্ৰায় তিনি বজাত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন বল্লদেব টেলিৰ হৈ এখন নিৰ‌বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ ইয়াৰ সমান্তৰালকৈ NDA ৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী যোৱা পাঁচ বছৰৰ সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ বিজেপিৰ ষ্টাৰ কেম্পেনাৰ তথা উৰিষ্যাৰ মুখ্যমন্ত্ৰী মহন চৰণ মাঝিয়ে বৰহাট চাহ বাগিচাৰ খেলপথাৰত আহেলি দুই বজাৰ পৰা অনুষ্ঠিত কৰা নিৰ্বাচনী সভাত বিপুল ৰাইজৰ সন্মুখত ভাষণ আগবঢ়াই৷ ধৰ্মেশ্বৰ কোঁৱৰে সোণাৰি বিধানসভা সমষ্টিত বহুতো উন্নয়নমূলক কাম কৰিছে বুলি উৰিষ্যাৰ মুখ্যমন্ত্ৰী এৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে আৰু সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত NDA ৰ সমৰ্থিত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰক পুনৰ দ্বিতীয় বাৰৰ বাবে বিপুল ভোটৰ ব্যৱধানত জয় যুক্ত কৰিবলৈ আহ্বান জনাই৷ উল্লেখ কৰা প্ৰয়োজন আজি বিজেপি দলে মহন চৰণ মাঝিৰ উপস্থিত বৰহাট চাহ বাগিচাৰ খেলপথাৰত যি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰেউক্ত স্থানতে যোৱা ২৭ মাৰ্চ তাৰিখে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে এখন বিশাল নিৰ্বাচনী সভাত বল্লদেৱ টেলিৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল কৰি ৰাইজৰ সম্বোধন কৰি বল্লদেব টেলিক ধনু কাঁড় চিহ্নত বিপুল ভোটৰ ব্যৱধানত জয়ী কৰিবলৈ আহ্বান জনায় যোৱাৰ পাছতে আজি একে স্থানতে বিজেপি দলে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়৷ আনহাতে আজি জয় ভাৰত পাৰ্টী আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ উপস্থিতিত চৰাইদেউ সোণাৰিৰ বিজেপি দলৰ হৃদপিণ্ড টাউকাক চাহ বাগিচাৰ পূজা বাৰী খেল পথাৰত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ চলাই একপ্ৰকাৰ NDA মিত্ৰজোঁটৰ বিজেপি দলৰ প্ৰাৰ্থী জনক প্ৰত‌্যহ্বান জনোৱা পৰিলক্ষিত হৈছে৷

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular