34.3 C
New Delhi
Thursday, July 30, 2026
spot_img
Homeআঞ্চলিককইয়াত ৩০০ৰো অধিক লোকৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা

কইয়াত ৩০০ৰো অধিক লোকৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা

কইয়াত ৩০০ৰো অধিক লোকৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা
প্ৰীতম দাস হাইলাকান্দি ৬ মাৰ্চঃ গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে স্বাস্থ্যসেৱা অধিক সুলভ কৰি তোলাৰ উদ্দেশ্যে এছ বি আই ফাউণ্ডেশ্যন চাৰ্ভিচ বিয়ণ্ড বেংকিঙৰ উদ্যোগত আৰু এ চি আৰ ডি (অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট) আৰু ই আৰ চি শিলচৰৰ এন টি ই পি বিভাগৰ সহযোগত কইয়া অঞ্চলৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা কমিউনিটি হলত বিনামূলীয়া বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ আৰম্ভ হোৱা এই স্বাস্থ্য শিবিৰত বৃহৎ সংখ্যক লোক উপস্থিত আছিল। এই স্বাস্থ্য শিবিৰত বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসা সেৱা আগবঢ়োৱা হয়। বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ উপস্থিতিত ৰোগীসকলক প্ৰাথমিক স্বাস্থ্য পৰীক্ষা পৰামৰ্শ আৰু প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰা হয়। ইয়াৰ সমান্তৰালকৈ প্ৰয়োজনীয় ঔষধো বেমাৰ অনুযায়ী সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰা হয়। আয়োজকসকলে জনোৱা মতে, গ্ৰামাঞ্চলৰ বহু লোক নিয়মীয়া চিকিৎসা সুবিধাৰ পৰা বঞ্চিত হৈ আছে। সেই কথা মনত ৰাখি এনে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে যাতে সাধাৰণ ৰাইজে সহজে চিকিৎসা সেৱা লাভ কৰিব পাৰে। বিভিন্ন বয়সৰ লোকে চিকিৎসাৰ বাবে এই শিবিৰত উপস্থিত থাকে। মুঠ ৩০০ৰো অধিক লোক এই শিবিৰলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে আহি বিনামূলীয়া ঔষধ লাভ কৰে। বহুতো দীৰ্ঘদিনীয়া শাৰীৰিক সমস্যাৰ বাবে চিকিৎসকৰ পৰা পৰামৰ্শ লৈছিল।স্বাস্থ্য শিবিৰত যক্ষ্মা ৰোগৰ সজাগতাকো বিশেষ গুৰুত্ব দিয়া হয়। উপস্থিত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে যক্ষ্মা ৰোগৰ লক্ষণসমূহ ৰোধ কৰাৰ লগতে সময়োপযোগী চিকিৎসাৰ গুৰুত্বৰ বিষয়ে সাধাৰণ জনতাক অৱগত কৰে। স্থানীয় ৰাইজে এই পদক্ষেপক আদৰণি জনাই কয় যে এনে বিনামূলীয়া স্বাস্থ্য শিবিৰ গ্ৰামাঞ্চলৰ জনসাধাৰণৰ বাবে অতি উপকাৰী। বহুতে নিয়মীয়া চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰে। গতিকে এনে পদক্ষেপে তেওঁলোকৰ বাবে যথেষ্ট সহায় কৰে।উদ্যোক্তাসকলে শিবিৰটো সফলভাৱে সমাপ্ত কৰাৰ বাবে উপস্থিত থকা সকলো সহযোগী সংগঠন চিকিৎসক স্বাস্থ্যকৰ্মী আৰু সাধাৰণ জনতাক ধন্যবাদ জ্ঞাপন কৰে। ভৱিষ্যতেও এনেধৰণৰ মানৱ কল্যাণমূলক কাৰ্যসূচী অব্যাহত ৰখাৰ আশা ব্যক্ত কৰে আয়োজকসকলে।

RELATED ARTICLES
Lucknow
overcast clouds
32.2 ° C
32.2 °
32.2 °
57 %
6.7kmh
100 %
Thu
32 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular