31.1 C
New Delhi
Wednesday, May 6, 2026
spot_img
Homeআঞ্চলিকগোসাঁইগাঁও চহৰৰ জৰাজীৰ্ণ পথ নিৰ্মাণৰ শুভ উদ্বোধন

গোসাঁইগাঁও চহৰৰ জৰাজীৰ্ণ পথ নিৰ্মাণৰ শুভ উদ্বোধন

গোসাঁইগাঁও চহৰৰ জৰাজীৰ্ণ পথ নিৰ্মাণৰ শুভ উদ্বোধন।

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ২৭ এপ্ৰিল – গোসাঁইগাঁও চহৰবাসীৰ বাবে এটা ভাল খবৰ। দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত যমেশ্বৰী ভোগ কৰি অহা চহৰখনৰ দুটাকৈ গুৰুত্বপূৰ্ণ পথৰ অৱশেষত কায়কল্প হ’বলৈ গৈ আছে। আজি আনুষ্ঠানিকভাৱে এই পথ দুটাৰ নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰা হয়।গোসাঁইগাঁও সদৰ চহৰৰ খোকন গলি আৰু ৰুদ্ৰ গলিলৈ যোৱা ৰাস্তা দুটা বিগত বহু সময় ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল। যাৰ ফলত স্থানীয় ৰাইজ তথা পথচাৰীসকলে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছিল। আজি ২৭ এপ্ৰিলত এক চমু অনুষ্ঠানৰ জৰিয়তে এই পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়।শৰাইবিল সমষ্টিৰ পাৰিষদ তথা বি টি চিৰ পৰিবহন বিভাগৰ কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰীয়ে উপস্থিত থাকি এই আঁচনিৰ আধাৰশিলা স্থাপন কৰে। আৰবান বিভাগৰ পুঁজিৰে এই পথ দুটা নিৰ্মাণ কৰা হ’ব।খোকন গলি পথটো মুঠ ৪২ লাখ ৪৭ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব। আৰু ৰুদ্ৰ গলিৰ পথটো মুঠ ২৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব।কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰীয়ে কয় বিটিচি চৰকাৰে অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সদায় দায়বদ্ধ। এই পথ দুটা সম্পূৰ্ণ হ’লে ব্যৱসায়ী আৰু সাধাৰণ ৰাইজৰ যাতায়তৰ সমস্যা বহুখিনি লাঘৱ হ’ব।নিৰ্মাণ কাৰ্যৰ মানদণ্ড অটুট ৰাখি নিৰ্ধাৰিত সময়ৰ ভিতৰত কামটো সম্পূৰ্ণ হ’ব বুলি আশাবাদী স্থানীয় ৰাইজ।

RELATED ARTICLES
Lucknow
haze
30 ° C
30 °
30 °
51 %
1.5kmh
40 %
Wed
36 °
Thu
38 °
Fri
40 °
Sat
41 °
Sun
41 °

Most Popular