মীন খণ্ডৰ উন্নয়ণৰ লক্ষ্যেৰে ‘নেৰামেক’-ৰ ‘প্ৰথম উত্তৰ-পূৰ্বাঞ্চল মত্স্য মহোৎসৱ’
গুৱাহাটী পিএনচি, ২৩ফেব্ৰুৱাৰী:ভাৰত চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ্ ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠান ‘উত্তৰ-পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড’(নেৰামেক)ৰ উদ্যোগত আজি গুৱাহাটীৰ ‘নেৰামেক চৌহদ’ত ‘প্ৰথম উত্তৰ-পূৰ্বাঞ্চল মত্স্য মহোৎসৱ–অসম ২০২৬’-ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ২০২৬ চনৰ ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈ দুদিনীয়াকৈ অনুষ্ঠিত এই মহোৎসৱৰ লক্ষ্য হৈছে মীনখণ্ডৰ উন্নয়নক প্ৰসাৰিত কৰা, বজাৰ সংযোগ শক্তিশালী কৰা, উত্তৰ-পূৰ্বাঞ্চলৰ চহকী জলজ জৈৱ বৈচিত্ৰ্যক উদযাপনৰ বাবে এক প্ৰাণোচ্চল মঞ্চ হিচাপে কাম কৰা।
উদ্বোধনী অনুষ্ঠানত ভাষণ দি ‘নেৰামেক’-ৰ পৰিচালন সঞ্চালক শ্ৰী ভাস্কৰ বৰুৱাই কয় যে ‘নেৰামেক’-য়ে কৃষক উৎপাদক সংস্থা (এফ পি অ’)সমূহৰ বিস্তৃত নেটৱৰ্ক আৰু শক্তিশালী যোগান শৃংখলৰ লজিষ্টিকছৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক আৰু কৃষি সম্প্ৰদায়ৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰণী সংস্থা হিচাপে কাম কৰি আহিছে। তেওঁ এই মহোৎসৱক গুৱাহাটীত সংস্থাটোৰ প্ৰথম প্ৰচেষ্টা বুলি অভিহিত কৰাৰ লগতে ‘উত্তৰ-পূৰ্বাঞ্চল মত্স্য মহোৎসৱ’-ৰ দৰে অনুষ্ঠান অঞ্চলটোত এনেধৰণৰ প্ৰথমটো অনুষ্ঠান বুলি উল্লেখ কৰে। তেওঁ আশা প্ৰকাশ কৰে যে অদূৰ ভৱিষ্যতে এই উৎসৱটোক বৃহৎ পৰিসৰত সম্প্ৰসাৰিত কৰিব পৰা যাব, যাৰ ফলত মীন খণ্ডF নতুন সুযোগ বিচাৰি উলিওৱাৰ এক বিস্তৃত মঞ্চ লাভ কৰিব।
‘নেশ্যনেল বেংক ফৰ এগ্ৰিকালশ্যাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট’ (নাবাৰ্ড)-ৰ মহা প্ৰৱন্ধক শ্ৰী কমৰ জাভেদে উত্তৰ-পূৰ্বাঞ্চলত মীনপালন জীৱিকাৰ অন্যতম প্ৰধান উৎস বুলি আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে নাবাৰ্ড-য়ে কৃষকসকলৰ কল্যাণ আৰু মীনখণ্ডৰ মূল্য শৃংখল শক্তিশালী কৰাৰ বাবে নেৰামেক-ৰ সৈতে বিভিন্ন মঞ্চত ঘনিষ্ঠভাৱে কাম কৰি আহিছে। তেওঁ অৱগত কৰে যে নাবাৰ্ড-য়ে এই পৰ্যন্ত অসমৰ ১২টা ‘মীন পালক উৎপাদক সংস্থা’ক উদগণি যোগাই সংগঠিত আৰু বহনক্ষম মীন উন্নয়নত যথেষ্ট অৰিহণা যোগাইছে।
উদ্বোধনী কাৰ্যসূচীত ‘ৰাষ্ট্ৰীয় মীন উন্নয়ন ব’ৰ্ড’-ৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰীযুত অসীম কুমাৰ বৰা; অসম চৰকাৰৰ মীন বিভাগৰ ‘প্ৰধানমন্ত্ৰী মৎস্য সম্পাদ যোজনা’-ৰ ৰাজ্যিক ন’ডেল বিষয়া শ্ৰী চন্দন চেত্ৰী; ‘ৰাষ্ট্ৰীয় উৎপাদনশীলতা পৰিষদ’ৰ উপ-সঞ্চালক শ্ৰী শুভ্ৰ শীল; তথা মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়, উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়, অসম চৰকাৰ, আৰু ৰাষ্ট্ৰীয় মীন উন্নয়ন ব’ৰ্ডৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে।
মহোৎসৱত মীনপালন সন্দৰ্ভত অন্তৰ্দৃষ্টিসম্পন্ন কাৰিকৰী অধিৱেশন, প্ৰদৰ্শনী বিপনী, আৰু বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰি নীতি নিৰ্ধাৰক, বিশেষজ্ঞ, উদ্যোগী, আৰু মীনপালকসকলৰ মাজত মত বিনিময়, ধাৰণা বিনিময় আৰু উদীয়মান সুযোগসমূহ অন্বেষণ কৰাৰ এক গতিশীল আৰু সমাৱেশী মঞ্চ সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। উদ্ভাৱনী পদ্ধতি, মূল্য সংযোজিত মত্স্যজাত সামগ্ৰী, আৰু মীন উন্নয়নৰ বহনক্ষম পন্থা প্ৰদৰ্শন কৰি অনুষ্ঠানটোৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মীন খণ্ডত আজীৱিকা সম্প্ৰসাৰণ, বজাৰত প্ৰৱেশানুকূলতা সৃষ্টি, আৰু সামগ্ৰিক উন্নয়ণৰ বাবে ‘নেৰামেক’ আৰু ভাৰত চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে।

