29.1 C
New Delhi
Friday, April 17, 2026
spot_img
Homeআঞ্চলিকমৰিগাঁৱত জিলা পৰ্যায়ৰ ‘ইক-হাকাথন’ আৰু প্ৰদৰ্শনী অনুষ্ঠিত

মৰিগাঁৱত জিলা পৰ্যায়ৰ ‘ইক-হাকাথন’ আৰু প্ৰদৰ্শনী অনুষ্ঠিত

মৰিগাঁৱত জিলা পৰ্যায়ৰ ‘ইক-হাকাথন’ আৰু প্ৰদৰ্শনী অনুষ্ঠিত

দুৰ্নীতিৰ দৰ্পন মৰিগাঁও ২ মাৰ্চ: আৱৰ্জনাৰ পৰা উপযোগী সামগ্ৰী নিৰ্মাণেৰে চমক ছাত্ৰ-ছাত্ৰীৰ৷ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ তথা অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ উদ্যোগত আজি মৰিগাঁও চহৰৰ বিহুতলী পথাৰত জিলা পৰ্যায়ৰ এক ’ইক-হাকাথন’ (Eco-Hackathon) তথা প্ৰদৰ্শনী সফলতাৰে অনুষ্ঠিত হৈ যায়৷ কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সহযোগত আৰু অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখাৰ (DNA-EEP) তত্ত্বাৱধানত আয়োজিত এই কাৰ্যসূচীত জিলাখনৰ প্ৰায় ৪০ খনতকৈও অধিক বিদ্যালয়ে অংশগ্ৰহণ কৰা এই প্ৰদৰ্শনীত ৯০ টাতকৈও অধিক নমুনা প্ৰদৰ্শন কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে অসম বিজ্ঞান সমিতিৰ সচিব মৃনাল হাজৰিকা মহোদয়ে বৃক্ষৰোপণ কৰে৷ প্ৰদৰ্শনীখনৰ শুভাৰম্ভ কৰে জিলা অতিৰিক্ত আয়ুক্ত (শিক্ষা) অনসুয়া শৰ্মা৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা শিক্ষা বিষয়া ড০ অপূৰ্ব ঠাকুৰীয়া৷ সভাত সভাপতিত্ব কৰে শ্ৰীমতী দিপ্তী মনি শৰ্মা৷ লগতে উপস্থিত থাকে অসম বিজ্ঞান সমিতি মৰিগাঁও শাখাৰ সন্মানীয় সম্পাদক শ্ৰী নিৰোদ কুমাৰ বৰা দেৱ আৰু অন্যান্য আজীৱন সদস্যসকল৷ প্ৰদৰ্শনীখনৰ বিচাৰক হিচাপে থাকে দন্দুৱা মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শ্ৰী আকাশ ডেকা আৰু বহা বৰজাৰী মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক শ্ৰী ধ্ৰুৱজ্যোতি ভূঞা দেৱ৷ মৰিগাঁও জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত অনসুয়া শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ উদ্ভাৱনী প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰে৷ তেওঁ নিজৰ ভাষণত কয়— “আমাৰ মৰিগাঁও জিলাৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে অলাগতিয়াল আৱৰ্জনাবোৰ পেলাই নিদি কেনেকৈ সেইবোৰ পুনৰ ব্যৱহাৰ বা ৰিচাইক্লিং কৰি ধুনীয়া সামগ্ৰী তৈয়াৰ কৰিব পাৰি, তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে৷ তেওঁলোকে তৈয়াৰ কৰা পেন ষ্টেণ্ড, গ্ৰীটিং কাৰ্ডৰ পৰা আৰম্ভ কৰি বিভিন্ন বিজ্ঞান ভিত্তিক আৰ্হিবোৰ সঁচাকৈয়ে প্ৰশংসনীয়৷ “ আগন্তুক দৌল উৎসৱৰ প্ৰসংগ টানি তেওঁ আৰু কয়— “আগত হোলী আহি আছে, গতিকে ছাত্ৰ-ছাত্ৰীসকলে নিজ হাতেৰে তৈয়াৰ কৰা পৰিৱেশ-অনুকূল প্ৰাকৃতিক মৰিগাঁও মহাবিদ্যালয় আৰু নেলী চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ফাকু গুৰি প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ এনে ধৰণৰ কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নতুন চিন্তাৰ উদয় কৰিব আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিব৷ “ অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে মৰিগাঁওবাসী ৰাইজক এই প্ৰদৰ্শনীখন চাবলৈ আৰু ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে, এই প্ৰদৰ্শনীত ছাত্ৰ-ছাত্ৰীসকলে কাগজৰ পেলনীয়া অংশৰ পৰা কেলেণ্ডাৰ, পেন ষ্টেণ্ডৰ লগতে বিভিন্ন বিজ্ঞান প্ৰকল্প প্ৰদৰ্শন কৰে৷ শিক্ষকসকলে আগতীয়াকৈ লোৱা কৰ্মশালাৰ প্ৰশিক্ষণৰ ফলশ্ৰুতিতেই ছাত্ৰ-ছাত্ৰীসকলে এই নিপুণতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে৷

RELATED ARTICLES
Lucknow
haze
26 ° C
26 °
26 °
44 %
1kmh
20 %
Thu
30 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular