39 C
New Delhi
Thursday, June 4, 2026
spot_img
Homeআঞ্চলিকৰামদিয়াৰ বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ত প্ৰাকৃতিক ফাকুগুৰি প্ৰস্তূত শীৰ্ষক কৰ্মশালা সম্পন্ন

ৰামদিয়াৰ বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ত প্ৰাকৃতিক ফাকুগুৰি প্ৰস্তূত শীৰ্ষক কৰ্মশালা সম্পন্ন

ৰামদিয়াৰ বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ত প্ৰাকৃতিক ফাকুগুৰি প্ৰস্তূত শীৰ্ষক কৰ্মশালা সম্পন্ন
ষ্টাফ ৰিপৰ্টাৰ দুৰ্নীতিৰ দৰ্পণ হাজো,২ মাৰ্চ: কামৰূপ জিলাৰ অগ্ৰণী শিক্ষানুস্থান ৰামদিয়াৰ বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ত আজি ৰঙৰ উৎসৱ ফাকুৱাৰ লগত সংগতি ৰাখি প্ৰাকৃতিক ভাবে কেনেদৰে বিভিন্ন ৰং তৈয়াৰ কৰিব পাৰে সেই সন্দৰ্ভত এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়। এ এছ টি ই চিৰ উদ্যোগত ৰামদিয়াৰ বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ ইকো ক্লাৱৰ সহযোগত আয়োজিত প্ৰাকৃতিক ফাকুগুৰি প্ৰস্তূতৰ কৰ্মশালাত ৰংগুলি প্ৰস্তূত,ফেছ পেইণ্টিং ইত্যাদি বিষয়ে পৰ্য্যালোচনা কৰা হয়।এই প্ৰাকৃতিক ভাবে ৰং তৈয়াৰ শীৰ্ষক কৰ্মশালা খনিত । প্ৰাকৃতিক ভাবে ফাকুগুৰি প্ৰস্তুত কৰ্মশালাত উপস্থিত থকা থকা ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰে।সঞ্চালক ৰূপে অংশগ্ৰহণ কৰি মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ বিশ্বজিৎ দাসে বজাৰত সাধাৰণতে উপলব্ধ ভিন্ন ৰঙী ফাকু ৰঙৰ অপকাৰী দিশৰ ওপৰত আলোকপাত দাঙি ধৰে।প্ৰসংগক্ৰমে অধ্যক্ষ ড০বিশ্বজিৎ দাসে পুনৰ কয় বজাৰত উপলব্ধ ভিন্ন ৰঙী ফাকুগুৰি সমূহত ৰাসায়নিক দ্ৰব্য মিহলি থকাৰ ফলত তেনে ধৰণৰ ফাকুগুৰি শৰীৰৰ বাবে অপকাৰী। এনে ধৰণৰ ফাকুগুৰি মানুহৰ চালৰ বাবে ক্ষতিকাৰক বুলিও উল্লেখ কৰি প্ৰাকৃতিক ভাবে তৈয়াৰ কৰা ফাকুগুৰি ব্যবহাৰ কৰিবলৈ আহ্বান জনায়।এই কৰ্মশালাত সমলব্যক্তি ৰূপে অংশগ্ৰহণ কৰি জয়শ্ৰী বৰ্মন আৰু ঝৰ্ণা কলিতাই মহাবিদ্যালয় খনৰ ছাত্ৰী সকলক প্ৰাকৃতিক সামগ্ৰীৰ জড়িয়তে কেনেদৰে ভিন্ন ধৰণৰ ৰং প্ৰস্তূত কৰিব পাৰি সেই সন্দৰ্ভত ভালেমান দিহা পৰামৰ্শ আগবঢ়াই।
অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী অতুল কাকতিয়ে।কৰ্মশালাত মহাবিদ্যালয় খনৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ মুকুট পাঠক,ৰাজনীতি বিভাগৰ অধ্যাপক দিলিপ দাস, ইংৰাজী বিভাগৰ অধ্যাপক ডঃ আব্দুল মজিদ,অৰ্থনীতি বিভাগৰ অধ্যাপিকা ড০ সত্যৱতী মেধিকে ধৰি প্ৰায় শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

RELATED ARTICLES
Lucknow
few clouds
35.3 ° C
35.3 °
35.3 °
29 %
2.2kmh
18 %
Wed
34 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular