34.3 C
New Delhi
Thursday, July 30, 2026
spot_img
Homeআঞ্চলিকশিলচৰত ৰঙালী বিহু সন্মিলন

শিলচৰত ৰঙালী বিহু সন্মিলন

শিলচৰত ৰঙালী বিহু সন্মিলন

শিলচৰ পিএনচি, ১০ মে’ – শিলচৰৰ অসম সাহিত্য সভাৰ চৌহদত আৰম্ভ হৈছে দুদিনীয়া ৰঙালী বিহু সন্মিলন। ৰাতিপুৱা ৰূপালী বিহু সন্মিলনৰ সভাপতি ডাঃ পি চি শৰ্মা, সমাজকৰ্মী স্বৰ্ণালী চৌধুৰীয়ে অন্য বিশিষ্ট ব্যক্তিৰ লগতে পতাকা উত্তোলন কৰে। সন্ধিয়া ড° ভূপেন হাজৰিকাৰ সোঁৱৰণী মঞ্চত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে উপস্থিত থকা বিশিষ্ট অতিথিসকলৰ ভিতৰত আছিল টাইমুৰ ৰাজ সাময়িক প্ৰসংগ কাকতৰ সম্পাদক তৈমুৰ ৰাজা চৌধুৰী, বৰাক উপত্যকাৰ সাংবাদিক সন্থাৰ সভাপতি ডঃ হাৰাণ দে , আৰু জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি বাবুল হোৰ। তদুপৰি অসম সাহিত্য সভাৰ বিষয়াসকল— ড° যোগেশ্বৰ বৰ্মন, চন্দ্ৰ মোহন ৰাজবংশী, বাটু বাবু ৰাজবংশী আৰু মনমোহন কটকী প্ৰমুখ্যে উপস্থিত আছিল। অনুষ্ঠানৰ আৰম্ভণিতে অতিথিসকলে আনুষ্ঠানিকভাৱে বন্তী প্ৰজ্বলন কৰে। বঁটা বিতৰণ অনুষ্ঠানৰ পিছতে এক সজীৱ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস প্ৰতিম শইকিয়াই।

RELATED ARTICLES
Lucknow
overcast clouds
32.2 ° C
32.2 °
32.2 °
57 %
6.7kmh
100 %
Thu
32 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular