39 C
New Delhi
Thursday, June 4, 2026
spot_img
Homeআমাৰ সাংবাদিকআউনীআটী উচ্চতৰ মাধ্যমিকত মাজুলী জিলা “গভৰ্ণৰ অসম কিশোৰী সন্মান সংকল্প “ অনুষ্ঠিত;...

আউনীআটী উচ্চতৰ মাধ্যমিকত মাজুলী জিলা “গভৰ্ণৰ অসম কিশোৰী সন্মান সংকল্প “ অনুষ্ঠিত; গঠন হ’ল কিশোৰী ক্লাৱ

আউনীআটী উচ্চতৰ মাধ্যমিকত মাজুলী জিলা “গভৰ্ণৰ অসম কিশোৰী সন্মান সংকল্প “ অনুষ্ঠিত; গঠন হ’ল কিশোৰী ক্লাৱ

বিকাশ শইকীয়া, মাজুলী: ২৬ ফেব্ৰুৱাৰী: নাৰী সকল সমাজৰ অবিচ্ছেদ্য অংগ, এটা এৰাব নোৱাৰা বিষয় – এই গুৰুত্বপূৰ্ণ কথাখিনি নৱ মূল্যায়ণ কৰি কিশোৰীসকলক সমাজৰ বিশেষ একোজন ৰূপে গঢ়ি তুলিবৰ বাবে অসমৰ ৰাজ্যপালে অসম চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা বিশেষ পদক্ষেপ হ’ল – গভৰ্ণৰ অসম কিশোৰী সন্মান সংকল্প৷ ঈশ্বৰৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি হ’ল নাৰী৷ কিন্তু, নাৰীক অৱহেলা কৰা হয়৷ সেয়া, দূৰ কৰিবই লাগিব৷ এই পদক্ষেপে সেই লক্ষ্য বাটেৰে আগুৱাইছে বুলি ব্যক্ত কৰে মাজুলী জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক লিপিকা বুঢ়াগোহাঁইয়ে৷ কিশোৰী সকলক ৰাষ্ট্ৰ গঠনত প্ৰধান সেনানী ৰূপে গঢ়ি তুলিবলৈ আগুৱাই নিয়াৰ লক্ষ্য আগত ৰাখি আৰম্ভ কৰা “ গভৰ্ণৰ অসম কিশোৰী সন্মান সংকল্প“ ৰ আউনীআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে, জিলা পৰিদৰ্শকৰ কাৰ্যালয়ৰ সহযোগত জিলা ভিত্তিক অনুষ্ঠিত মাজুলীৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি ৰূপে তেখেতে অংশগ্ৰহণ কৰি এইদৰে কয়৷ পুৱা ১০ বজাত বিদ্যালয়ৰ চৌহদত “ মহিলা সৱলীকৰণ আৰু কৈশোৰ“ শীৰ্ষক ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ ১১ বজাৰ পৰা আউনীআটী সত্ৰ সেৱা সমিতিৰ প্ৰেক্ষাগৃহত মূল কাৰ্যসূচী আৰম্ভ হয়৷ আউনীআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত দোলাকাষৰীয়া সভাপতিত্বত হোৱা সভাখনি বিদ্যালয়ৰ ছাত্ৰ বাবুল বেজ আৰু সহযোগী সকলৰ সমবেত সংগীত এটি বৰগীতেৰে আৰম্ভ হয়৷ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ কমল দত্তই সভাৰ আঁতধৰে আৰু উদ্দেশ্য ব্যাখ্যা কৰে৷ সভাত সমল ব্যক্তি ৰূপে মাজুলী জিলা মিছন সমন্বয়ক, মহিলা আৰু শিশু বিকাশ বিভাগ, মহিলাৰ সৱলীকৰণ জিলা কেন্দ্ৰৰ কুকি বৰুৱা, জিলা কাৰ্যসূচী সমন্বয়ক (পিএমএম ভি ৱাই আৰু বিত্তীয় সাক্ষৰতা বিশেষজ্ঞ) মহিলা আৰু বিকাশ বিভাগ, মহিলাৰ সৱলীকৰণ জিলা কেন্দ্ৰৰ ড০ পল্লৱী মৰাঙে মূল ভাষণ প্ৰদান কৰে৷ সভাত বিশিষ্ট অতিথি ৰূপে উদীয়মান লেখক, পৰিৱেশ কৰ্মী, জিলা বিদ্যালয় সমূহৰ কৰ্মচাৰী কুশদীপ হাটীমতাই কিশোৰীসকলৰ শক্তিৰ বিষয়ত ভাৰতৰ ইতিহাসৰ ৰঙীন পৃষ্ঠাৰ উদাহৰণ দি ছাত্ৰীসকলক নিজৰ কৰণীয় বিষয়ত উৎসাহিত কৰে৷ বিদ্যালয়ৰ এগৰাকী ছাত্ৰী মল্লিকা মেধিৰ দশাৱতাৰ নৃত্যৰ অনুষ্ঠানে সকলোকে মোহিত কৰে৷ সভাত অতিথি ৰূপে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি যুগল ভূঞা, অৱসৰপ্ৰাপ্ত শিক্ষক যোগেন বৰা উপস্থিত থাকে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অমিয়া বৰঠাকুৰে এটি কবিতাৰ যোগে মহিলাৰ শক্তি দাঙি ধৰে, সমাজকৰ্মী জগত হাজৰিকাই মহিলা সৱলীকৰণ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আচঁনিয়ে সমাজলৈ বৈপ্লৱিক পৰিৱৰ্তন সূচনা কৰিবলৈ সক্ষম হৈছে বুলি ভাষণত ব্যক্ত কৰে৷ ছাত্ৰ ছাত্ৰীসকলৰ পৰা একাদশ শ্ৰেণীৰ ৰশ্মিৰেখা বৰা, তৃষ্ণা বৰা আৰু শিখা দাসে মহিলা সৱলীকৰণৰ বিষয়ত একোটা ভাষণ দিয়ে৷ সভাতেই আউনীআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ “ কিশোৰী ক্লাৱ“ গঠন কৰা হয়৷ নৱ গঠিত এই ক্লাৱক উৎসাহিত কৰিবলৈ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় ভ্ৰমণেৰ কাৰ্যসূচী আৰম্ভ কৰা হ’ব বুলি উপাধ্যক্ষ গৰাকীয়ে ঘোষণা কৰাৰ পিছতেই সমল ব্যক্তি কুকি বৰুৱাই তেখেতসকলৰ বিভাগৰ দ্বাৰা এই ক্লাবৰ সদস্য সকলক ভ্ৰমণ আৰু অন্যান্য পদক্ষেপ হাতত ল’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ পুৱাবেলা অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাত বিজয়ী ৰঞ্জন বৰা, প্ৰিঞ্চিপ্ৰিয়া ভৰালী আৰু মিতালী নেওগক ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদানৰ লগতে বিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক খেল-ধেমালিৰ পুৰস্কাৰ বিতৰণ শুভাৰম্ভ কৰি বৰ্ষ শ্ৰেষ্ঠ দুগৰাকী খেলুৱৈ গীতালী দাস আৰু বৰ্ণালী দাসক প্ৰদান কৰে পৰিদৰ্শিকা লিপিকা বুঢ়াগোহাঁইয়ে৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি যুগল ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাখনি আঁতধৰে শিক্ষক নয়নজ্যোতি দত্ত, মৃণ্ময় হাজৰিকা আৰু দিপাংকৰ গগৈয়ে৷

RELATED ARTICLES
Lucknow
few clouds
35.3 ° C
35.3 °
35.3 °
29 %
2.2kmh
18 %
Wed
34 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular