30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeআমাৰ সাংবাদিকৰাভা দিৱসৰ শুভক্ষণত শ্ৰদ্ধা আৰু অভিনন্দন

ৰাভা দিৱসৰ শুভক্ষণত শ্ৰদ্ধা আৰু অভিনন্দন

ৰাভা দিৱসৰ শুভক্ষণত শ্ৰদ্ধা আৰু অভিনন্দন

শনিবাৰে ৰাভা দিৱসৰ পৱিত্ৰ ক্ষণত অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনাত অসম যুৱ পৰিষদ, বিশ্বনাথ জিলাৰ তৰফৰ পৰা জৰাবাৰী গাঁৱৰ গৌৰৱ তথা “কলাগুৰু বঁটা-২০২৬” প্ৰাপক শ্ৰদ্ধাৰ শ্ৰী অমৰ গগৈ ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জনোৱাৰ লগতে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা সন্মানীয় বঁটা প্ৰদান কৰি আন্তৰিক অভিনন্দন, শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

তেখেতৰ এই সন্মান সমগ্ৰ বিশ্বনাথ জিলাৰ বাবে এক গৌৰৱৰ বিষয়। অসমীয়া চলচিত্ৰ আৰু সংস্কৃতি জগতলৈ তেখেতৰ অনবদ্য অৱদান আৰু সৃষ্টিশীলতাই আগন্তুক প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰে। অনুষ্ঠান ভাগত বিশ্বনাথ জিলা যুৱ পৰিষদৰ সভাপতি ভাৰত কলিতা, কেন্দ্ৰীয় উপ সভাপতি নয়ন শইকীয়াৰ লগতে বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
overcast clouds
29 ° C
29 °
27.3 °
94 %
1.5kmh
99 %
Thu
29 °
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °

Most Popular