আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান APCCৰ প্ৰাক্তন সভাপতি ভুপেন বৰাৰ।
মহাভাৰতৰ যুদ্ধৰ পূৰ্বে কৰ্ণৰ যি অৱস্থা হৈছিল সেই একেই অৱস্থা কংগ্ৰেছত স্বাভিমানী অসমীয়াৰ-ভুপেন বৰা।
মই ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱন লৈ শৰাইঘাটৰ দলংৰ দৰে দায়িত্ব পালন কৰিম’ এই মন্তব্য ন-বিজেপি ভুপেন বৰাৰ।।
কংগ্ৰেছত থকা সময়ত মোৰ চোলা তেজেৰে ৰাঙলী হৈছিল আৰু আজি সেই চোলাটো পৰিধান কৰি বিজেপিৰ কাৰ্য্যালয় লৈ আহিছো।।
সেই তেজ বিজেপিৰ সৈতে হোৱা সংঘাতৰ বাবে ওলাইছিল।
বিজেপি-য়ে সেই তেজৰ মূল্যাংকন কৰিব বুলি আশাৰে সেই চোলা পিন্ধিছো।

