দুৰ্নীতিৰ দৰ্পণ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰতিনিধি মকিবুৰ ৰহমান মণ্ডলৰ প্ৰতিবেদন : খাৰুৱা বান্ধা আৰক্ষীৰ বেটাৰী চোৰৰ বিৰুদ্ধে সফল অভিযান ।খাৰুৱা বান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল দাসৰ ততপৰতাত শনিবাৰে নিশা অসম মেঘালয়ৰ সীমান্ত হাটশিঙিমাৰী বটতলৰ পৰা চুৰ সহ ইনভাইটৰৰ বেটাৰী এখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা বেটাৰী চোৰক টো মানকাচৰ থানা এলেকাৰ শান্তিপুৰ গাঁৱৰ আবু ছায়াদ (২২) বুলি আৰক্ষীৰ সুত্ৰে জানিব পৰা গৈছে।উল্লেখ্য যে উদ্ধাৰ কৰা ইনভাইটৰৰ বেটাৰী খন ফেকামাৰী অংগনবাড়ী কেন্দ্ৰৰ বুলি জানিব পৰা গৈছে । বৰ্তমান আৰক্ষীয়ে বেটাৰী চোৰটোক সোধ পোছৰ অন্তত জিলা আদালতত হাজিৰ কৰোৱাৰ পিছত ধুবুৰী জেললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

