39.7 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeখেলঅস্মিতা খেলো ইণ্ডিয়া সাঁতোৰ লীগত অসমৰ চমকপ্ৰদ আৰম্ভণি, প্ৰথম দিনতে ১টা ৰূপ...

অস্মিতা খেলো ইণ্ডিয়া সাঁতোৰ লীগত অসমৰ চমকপ্ৰদ আৰম্ভণি, প্ৰথম দিনতে ১টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ পদক লাভ

অস্মিতা খেলো ইণ্ডিয়া সাঁতোৰ লীগত অসমৰ চমকপ্ৰদ আৰম্ভণি, প্ৰথম দিনতে ১টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ পদক লাভ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ১২ এপ্ৰিলঃ আহমেদাবাদ (গুজৰাট)ত ১২ৰ পৰা ১৪ এপ্ৰিললৈ অনুষ্ঠিত অস্মিতা খেলো ইণ্ডিয়া সাঁতোৰ লীগ নেচনেলত অসমে চমকপ্ৰদ আৰম্ভণি কৰি প্ৰথম দিনতে ১টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। অসম সাঁতোৰ সংস্থাৰ প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে , পদক লাভ কৰা খেলুৱৈসকল হ’ল:- দৰ্শিতা বৰুৱা (আণ্ডাৰ-১৮ ছোৱালী) – ২০০ মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক (সময়ঃ ২:১৬.৫৫)। আৰহী গোস্বামী (আণ্ডাৰ-১৮ ছোৱালী) – ২০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকত ব্ৰঞ্জৰ পদক (সময়ঃ ২:৫৯.৩২)। দিশা গগৈ (অপেন মহিলা) – ২০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকত ব্ৰঞ্জৰ পদক (সময়ঃ ২:৫৮.৩৯)। অসম সাঁতোৰ সংস্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসয়ে খেলুৱৈসকলক অভিনন্দন জনাই কয় যে, প্ৰতিযোগিতাৰ আগন্তুক দুদিনত অসমে আৰু বহু পদক লাভ কৰিব বুলি তেওঁ আশাবাদী।

RELATED ARTICLES
Lucknow
broken clouds
36.9 ° C
36.9 °
36.9 °
24 %
5.4kmh
59 %
Wed
39 °
Thu
43 °
Fri
43 °
Sat
43 °
Sun
44 °

Most Popular