33.3 C
New Delhi
Monday, July 27, 2026
spot_img
Homeঅসমগোলকগঞ্জৰ পৰা মন্ত্ৰীসভালৈ অশ্বিনী ৰায় সৰকাৰধুবুৰীৰ ৰাজনীতিত নতুন অধ্যায়, উন্নয়নৰ নতুন আশা

গোলকগঞ্জৰ পৰা মন্ত্ৰীসভালৈ অশ্বিনী ৰায় সৰকাৰধুবুৰীৰ ৰাজনীতিত নতুন অধ্যায়, উন্নয়নৰ নতুন আশা

গোলকগঞ্জৰ পৰা মন্ত্ৰীসভালৈ অশ্বিনী ৰায় সৰকাৰ
ধুবুৰীৰ ৰাজনীতিত নতুন অধ্যায়, উন্নয়নৰ নতুন আশা

কমল ৰায়,কায্যবাহী সম্পাদক,দুৰ্নীতিৰ দৰ্পণ:
ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰে অসম চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাত সমগ্ৰ ধুবুৰী জিলাত আনন্দৰ জোৱাৰ উঠিছে। দীৰ্ঘদিন ধৰি তৃণমূল পৰ্যায়ত বিজেপি সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা এই নেতাজনৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিয়ে গোলকগঞ্জ তথা সমগ্ৰ নিম্ন অসমৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰে পৰা জনসাধাৰণৰ মাজত সক্ৰিয় হৈ থকা অশ্বিনী ৰায় সৰকাৰে একাধিকবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিজৰ জনভিত্তি শক্তিশালী কৰি তুলিছে। ২০১১ চনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱা তেওঁ পৰাজয়ৰ সন্মুখীন হৈছিল যদিও পিছত ২০১৬ চনত বিজয় সাব্যস্ত কৰি বিধানসভাত প্ৰৱেশ কৰে। ২০২১ চনত পুনৰ পৰাজিত হোৱাৰ পাছতো তেওঁ সংগঠন আৰু জনসেৱামূলক কামত অব্যাহত ৰাখে। অৱশেষত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰি পুনৰ গোলকগঞ্জ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়। এইবাৰৰ নিৰ্বাচনত অশ্বিনী ৰায় সৰকাৰে ১,১০,৫৩৩টা ভোট লাভ কৰি কংগ্ৰেছৰ প্ৰাৰ্থীক ৩০ হাজাৰৰো অধিক ভোটৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। এই জয়ে কেৱল তেওঁৰ ব্যক্তিগত জনপ্ৰিয়তাকেই প্ৰতিফলিত কৰা নাই, বৰঞ্চ গোলকগঞ্জত বিজেপিৰ সাংগঠনিক শক্তিৰো প্ৰমাণ দিছে। বিজেপিৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে পৰিচিত অশ্বিনী ৰায় সৰকাৰে দলীয় কাৰ্যসূচী ৰূপায়ণ, সদস্যভৰ্তি অভিযান, বুথ পৰ্যায়ত সংগঠন শক্তিশালীকৰণ আৰু ৰাজবংশী সমাজৰ বিভিন্ন দাবী-দাৱা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা আৰম্ভ কৰি ৰাজ্যিক নেতৃত্বৰ সৈতে সু-সমন্বয় ৰক্ষা কৰি তেওঁ দলৰ এজন বিশ্বাসযোগ্য মুখ হিচাপে আত্মপ্ৰকাশ কৰিছে। মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে গোলকগঞ্জ, গৌৰীপুৰ, বিলাসীপাৰা, চাপৰ, আগমণি আদি অঞ্চলৰ ৰাইজৰ মাজত উন্নয়নক লৈ নতুন আশাৰ সঞ্চাৰ হৈছে। বিশেষকৈ শিক্ষা, স্বাস্থ্য, কৃষি, পথ-ঘাট, বান নিয়ন্ত্ৰণ আৰু নিয়োগৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ হ’ব বুলি সাধাৰণ ৰাইজে আশা প্ৰকাশ কৰিছে। ইয়াৰ সমান্তৰালভাৱে গোলকগঞ্জত চিলাৰায় বিশ্ববিদ্যালয় স্থাপনৰ দাবীয়েও পুনৰ গতি লাভ কৰিছে। বহু বছৰ ধৰি ৰাজবংশী সমাজ আৰু বিভিন্ন সংগঠনে উত্থাপন কৰি অহা এই দাবী এতিয়া পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যদিও বৰ্তমানলৈকে চৰকাৰৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা প্ৰকাশ পোৱা নাই, তথাপি অঞ্চলবাসীয়ে আশা কৰিছে যে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে এই গুৰুত্বপূৰ্ণ দাবী চৰকাৰৰ সন্মুখত শক্তিশালীভাৱে উত্থাপন কৰিব আৰু গোলকগঞ্জত উচ্চ শিক্ষাৰ নতুন দুৱাৰ মুকলি হ’ব। ধুবুৰী জিলাৰ ৰাজনীতিত অশ্বিনী ৰায় সৰকাৰৰ মন্ত্ৰীসভালৈ উত্তৰণক এক উল্লেখযোগ্য সাফল্য হিচাপে গণ্য কৰা হৈছে। ৰাইজৰ বিশ্বাস—তেওঁৰ নেতৃত্বত গোলকগঞ্জ তথা সমগ্ৰ ধুবুৰী জিলাই উন্নয়ন, শিক্ষা, উদ্যোগ আৰু পৰিকাঠামোগত ক্ষেত্ৰত নতুন উচ্চতা স্পৰ্শ কৰিব।

RELATED ARTICLES
Lucknow
overcast clouds
32.1 ° C
32.1 °
32.1 °
58 %
1.7kmh
99 %
Mon
37 °
Tue
37 °
Wed
35 °
Thu
35 °
Fri
35 °

Most Popular