ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী:
অসম ৰাজনীতিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা কৰি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই অহা ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে Bharatiya Janata Partyত যোগদান কৰিব। মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ ঘোৰামাৰাত থকা বৰাৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।
ভূপেন বৰাৰ সৈতে দীঘলীয়া বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বৰাই আনুষ্ঠানিকভাৱে দলত ভৰ্তি হ’ব। তেওঁ কয়, “ভূপেন বৰাৰ দৰে তৃণমূল পৰ্যায়ত কাম কৰা নেতা বিজেপিত যোগদান কৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়। তেওঁৰ সংগঠনমূলক অভিজ্ঞতাই দলক অধিক শক্তিশালী কৰিব।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে বৰাই কংগ্ৰেছত দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছিল আৰু এতিয়া বিজেপিৰ মজিয়াত তেওঁ নিজৰ ৰাজনৈতিক লক্ষ্য বাস্তৱায়নৰ এক নতুন সুযোগ লাভ কৰিব। তেওঁৰ মন্তব্য অনুসৰি, বৰাৰ এই সিদ্ধান্তে ৰাজ্যৰ ৰাজনীতিত নতুন বাৰ্তা প্ৰেৰণ কৰিব।
উল্লেখযোগ্য যে সোমবাৰে ভূপেন বৰাই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল যদিও কেন্দ্ৰীয় নেতৃত্বই তেওঁৰ পদত্যাগ তৎক্ষণাৎ গ্ৰহণ কৰা নাছিল। দলীয় শীৰ্ষ নেতৃত্বই তেওঁক সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল আৰু ইয়াৰ বাবে বৰাই অলপ সময় বিচাৰিছিল। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই তেওঁ গেৰুৱা শিবিৰত যোগদান কৰাৰ সিদ্ধান্ত নিশ্চিত কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বেও স্পষ্ট কৰি কৈছিল যে বিজেপিৰ দুৱাৰ সদায় ভূপেন বৰাৰ বাবে মুকলি আছে। লগতে আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁক এক সুৰক্ষিত সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাত সহায় কৰাৰ আশ্বাসো প্ৰদান কৰিছিল।
মুখ্যমন্ত্ৰীৰ আগমনৰ সময়ত ভূপেন বৰাৰ পৰিয়ালে পৰম্পৰাগত আৰতিৰে তেওঁক আদৰণি জনায়। এই ৰাজনৈতিক পদক্ষেপে অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ সমীকৰণত এক উল্লেখযোগ্য প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক মহলত চর্চা চলিছে।
কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ বিজেপিত যোগদান ২২ ফেব্ৰুৱাৰীতঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত হ’ব আনুষ্ঠানিক অন্তৰ্ভুক্তি
Lucknow
broken clouds
37.5
°
C
37.5
°
37.5
°
24 %
2.5kmh
53 %
Wed
41
°
Thu
44
°
Fri
44
°
Sat
46
°
Sun
45
°

