31.1 C
New Delhi
Wednesday, May 6, 2026
spot_img
Homeআমাৰ সাংবাদিকআন্ত: ৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপন 

আন্ত: ৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপন 

আন্ত: ৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপন 

শিলচৰ, পিএনচি,২২ ফেব্ৰুৱাৰী:  কাছাৰ জিলা সাহিত্য সভাই শনিবাৰে আন্ত: ৰাষ্ট্ৰীয় মাতৃভাষা দিৱসটি উলাহ মালহৰে উদযাপন কৰে। 

অসম সাহিত্য সভা শিলচৰ শাখাৰ সহযোগত আয়োজিত অনুষ্ঠান ভাষা ছহিদক শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ কৰা হয়। গীত-মাত কবিতা তথা বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আয়োজিত মুকলি সভাত সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ

সভাপতি ড৹ যোগেশ্বৰ বৰ্মনে। মুকলি সভাত অসমীয়া, ৰাজবংশী, মণিপুৰী, বঙালী আদি বিভিন্ন ভাষাভাষীৰ কবি সাহিত্যিক সকলে মাতৃ ভাষাৰ গুৰুত্ব আৰু ইয়াক জীয়াই ৰখাৰ বিভিন্ন দিশ সম্পৰ্কে তেওঁলোকৰ মতামত ডাঙি ধৰে।  সভাত শিলচৰ শাখাৰ সভাপতি বাটুবাবু ৰাজবংশী, ঝাপিৰবন্দ শাখাৰ সভাপতি ঘনকান্ত ৰাজবংশী,অসম সাহিত্য সভা শিলচৰ আঞ্চলিক সম্পাদক চামছুল হক, শিলচৰ শাখাৰ উপ সভাপতি মনমোহন কটকী, মাতৃভাষা সুৰক্ষা সমিতিৰ সভাপতি সুনিল ৰায় , বিশিষ্ট শিক্ষাবিদ ৰিংকু গুহ মজুমদাৰ, সমাজকৰ্মী স্বৰ্ণালী চৌধুৰীকে ধৰি বিভিন্ন শাখাৰ সম্পাদক আৰু সদস্য-সদস্যা সকলৰ লগতে বিভিন্ন ভাষাভাষীৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে।

RELATED ARTICLES
Lucknow
haze
30 ° C
30 °
30 °
51 %
1.5kmh
40 %
Wed
36 °
Thu
38 °
Fri
40 °
Sat
41 °
Sun
41 °

Most Popular