40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeআমাৰ সাংবাদিকঅসম শৈক্ষিক কেন্দ্ৰ’ উদ‍্যোগত মাজুলী মহাবিদ‍্যালয়ত শৈক্ষিক প্ৰেৰণামূলক বক্তৃতানুষ্ঠান:

অসম শৈক্ষিক কেন্দ্ৰ’ উদ‍্যোগত মাজুলী মহাবিদ‍্যালয়ত শৈক্ষিক প্ৰেৰণামূলক বক্তৃতানুষ্ঠান:

অসম শৈক্ষিক কেন্দ্ৰ’ উদ‍্যোগত মাজুলী মহাবিদ‍্যালয়ত শৈক্ষিক প্ৰেৰণামূলক বক্তৃতানুষ্ঠান:

বিকাশ শইকীয়া, মাজুলী: ২১ ফেব্ৰুৱাৰীঃ

উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বৌদ্ধিক-মানসিক উত্তৰণৰ লক্ষ‍্য আগত ৰাখি ১৯৮৫ চনতে প্ৰতিষ্ঠিত যোৰহাটৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘অসম শৈক্ষিক কেন্দ্ৰ’ই আজি মাজুলী মহাবিদ‍্যালয়ত অনুষ্ঠিত কৰে শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ প্ৰেৰণামূলক বক্তৃতানুষ্ঠান। মহাবিদ‍্যালয়ৰ ‘সত্ৰাধিকাৰ পদ্মকান্তদেৱ গোস্বামী সভাকক্ষ’ত অনুষ্ঠিত বক্তৃতানুষ্ঠানৰ আঁত ধৰে শৈক্ষিক কেন্দ্ৰৰ সম্পাদক তথা যোৰহাট জগন্নাথ বৰুৱা মহাবিদ‍্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ‍্যাপক ডঃ অশোক বৰঠাকুৰে। শৈক্ষিক কেন্দ্ৰৰ সদস‍্য তথা যোৰহাট মহাবিদ‍্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ‍্যক্ষ ডঃ পঞ্চানন বৰঠাকুৰে শৈক্ষিক কেন্দ্ৰৰ লক্ষ‍্য আৰু উদ্দেশ‍্য সম্পৰ্কে চমুকৈ আলোকপাত কৰে। প্ৰেৰণামূলক বক্তৃতানুষ্ঠানটি উদ্বোধন কৰি মাজুলী মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়াই বিগত সময়ছোৱাত গ্ৰন্থমেলা অনুষ্ঠিত কৰাকে আদি কৰি ‘অসম শৈক্ষিক কেন্দ্ৰ’ই কৰি অহা উল্লেখনীয় কামবোৰে নতুন প্ৰজন্মক উপকৃত কৰিছে বুলি উল্লেখ কৰে। লগতে তেওঁ শৈক্ষিক কেন্দ্ৰই উঠি অহা প্ৰজন্মৰ হিতাৰ্থে কাম কৰাৰ জৰিয়তে ভৱিষ‍্যত সমাজখনক জাতিষ্কাৰ কৰিবলৈ নিৰন্তৰ প্ৰয়াস কৰি সকলোৰে শলাগৰ পাত্ৰ হৈছে বুলিও কয়। ডঃ শইকীয়াই শৈক্ষিক কেন্দ্ৰ এনে মহান পদক্ষেপে সমাজখন অধিক ধুনীয়া কৰিব বুলি অভিহিত কৰি মাজুলীত এনে অনুষ্ঠান আয়োজন কৰাৰ বাবে সকলোকে শলাগ জ্ঞাপন কৰে। অনুষ্ঠানত বেংকিং খণ্ডৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাৰতীয় ষ্টেট বেংকৰ প্ৰবন্ধক জগদীশ চন্দ্ৰ পালে ৰাজহুৱা খণ্ডৰ বেংকসমূহত ছাত্ৰ-ছাত্ৰীসকলে কেনেধৰণৰ পদত আবেদন কৰিব পাৰিব সেই বিষয়ে ব‍্যাখ্যা কৰে। লগতে সেই খণ্ড বিভিন্ন পদত দৰমহাৰ গাঁথনি আৰু সুবিধাসমূহৰ বিষয়েও শিক্ষাৰ্থীসকলক অৱগত কৰে। আন এজন সমল ব্যক্তি, ভাৰতীয় ষ্টেট বেংকৰ কমলাবাৰী শাখাৰ প্ৰবন্ধক শোণিত সোনোৱালে বেংকৰ পৰীক্ষাত সফলতা লাভ কৰিবলৈ কিদৰে প্ৰস্তুতি চলাব লাগে সেই বিষয়ে বক্তব্য প্ৰদান কৰি পৰীক্ষাৰ প্ৰকাৰ আৰু বিভিন্ন ক্ষেত্ৰৰ কিছু সম্ভাব্য প্ৰশ্ন ছাত্ৰ-ছাত্ৰীসকলৰ লগত আলোচনা কৰে। অনুষ্ঠানত বীমাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব‍্য  আগবঢ়াই ভাৰতীয় জীৱন বীমা নিগমৰ জ‍্যেষ্ঠ প্ৰবন্ধক ৰাজীৱ বসুৱে নিগমৰ অধীনত আয়োজন কৰা নিয়োগৰ পৰীক্ষাসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক অৱগত কৰি স্নাতক মহলাত অধ্যয়ন কৰি থকাৰ পৰাই কিদৰে এনে পৰীক্ষাৰ বাবে নিজক সাজু কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰে। আন এজন সমল ব্যক্তি, ভাৰতীয় জীৱন বীমা নিগমৰ প্ৰবন্ধক ৰাজীৱ ভট্টাচাৰ্যই জীৱন বীমা নিগমৰ জৰিয়তে কিদৰে এজন ছাত্ৰই নিজে উপাৰ্জনক্ষম হ’ব পাৰে তাৰ বিষয়ে সকলোকে অৱগত কৰে। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমল ব্যক্তিসকলৰ লগত অন্তৰংগ আলাপেৰে অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত অসম শৈক্ষিক কেন্দ্ৰৰ সদস‍্য ডঃ শ্যামল প্ৰসাদ বৰুৱা, ডঃ বিষ্ণুপ্ৰসাদ শৰ্মা, ডঃ প্ৰদীপ তামুলী, ডঃ গিৰীন্দ্ৰ নাথ কাকতী, কমল চন্দ্ৰ গোস্বামী, মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক বসন্ত বৰা, অসম কলেজ শিক্ষক সংস্থা, মাজুলী মণ্ডলৰ সম্পাদক ডঃ দেৱজ‍্যোতি ভট্টাচাৰ্য, মহাবিদ‍্যালয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সম্পাদক অধ্যাপক তুলসী ৰাজখোৱা,  অধ‍্যাপক সুৰেন চন্দ্ৰ দাস, দীনেশ পেগু প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপৰিও দ্বিশতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular