30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমঅসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ দিশত ইতিবাচক পদক্ষেপ।সীমান্তৱৰ্তী চিজুছা বিন্দুত আজি স্থাপন...

অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ দিশত ইতিবাচক পদক্ষেপ।সীমান্তৱৰ্তী চিজুছা বিন্দুত আজি স্থাপন কৰা হয় প্ৰথমটো আন্তঃৰাজ্যিক সীমা স্তম্ভ।

অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ দিশত ইতিবাচক পদক্ষেপ।
সীমান্তৱৰ্তী চিজুছা বিন্দুত আজি স্থাপন কৰা হয় প্ৰথমটো আন্তঃৰাজ্যিক সীমা স্তম্ভ।

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২২ ফেব্ৰুৱাৰী :

অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ দিশত আজি সংযোজিত হৈছে এক ইতিবাচক পদক্ষেপ। প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ পাকে কেচাং আৰু অসমৰ বিশ্বনাথ জিলাৰ সৈতে সামৰি লোৱা প্ৰথমটো আন্তঃৰাজ্যিক সীমা স্তম্ভ সীমান্তৱৰ্তী চিজুছা বিন্দুত আজি পুৱা স্থাপন কৰা হয়। অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী, বিশ্বনাথৰ জিলা আয়ুক্ত আৰু পাকে কেচাং জিলাৰ উপায়ুক্ত, বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, দুয়োখন জিলাৰ আঞ্চলিক আৰু বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী আৰু জৰীপ ভাৰত আৰু অসম আৰু অৰুণাচল প্ৰদেশৰ জৰীপ বিষয়াসকলৰ উপস্থিতিত আজি পুৱা ৯.৩০ বজাত দুয়োখন জিলাৰ সীমান্তৱৰ্তী চিজুছা পইণ্টত প্ৰথমটো আন্তঃৰাজ্যিক সীমা স্তম্ভ স্থাপন কৰা হয়। অৰুণাচল প্ৰদেশ আৰু অসমৰ জিলা দুখনৰ মাজত আন্তঃৰাজ্যিক সীমাৰ দৈৰ্ঘ্যৰ ৮০% (আশী শতাংশ) সফলতাৰে সীমাবদ্ধ কৰাৰ পিছত এই প্ৰথমটো সীমা স্তম্ভ নিৰ্মাণ কৰা হৈছে। উল্লেখযোগ্য যে, অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে ইতিমধ্যে দুয়োখন ৰাজ্যৰ সংশ্লিষ্ট জিলা দুখনত একাধিকবাৰ আলোচনাত মিলিত হৈছিল দুয়ো জিলাৰ দুয়ো ৰাজ্যৰ উচ্চ পদস্থ বিষয়া সকল। সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা আন্তঃৰাজ্যিক আঞ্চলিক সমিতিৰ বৈঠকত লোৱা সিদ্ধান্তৰ পিছতে দুয়ো ৰাজ্যৰ সীমা নিৰ্ধাৰণ আৰু জৰীপৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে। জানিব পৰা মতে দুয়ো ৰাজ্যৰ আন্তঃৰাজ্যিক সীমাৰ স্তম্ভ নিৰ্মাণৰ প্ৰক্ৰিয়া অতি সোনকালেই সম্পূৰ্ণ কৰা হ’ব। ৰবিবাৰৰ এই বিশেষ কাৰ্যসুচীত অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী বিয়োৰাম ৱাগেৰ লগতে পাকে কেচাং জিলাৰ উপায়ুক্ত বানী লেগ’ৰ লগতে বন সংমণ্ডল প্ৰাধিকাৰী তথা সংশ্লিষ্ট বিষয়াসকল আৰু অসমৰ ফালৰ পৰা বিশ্বনাথৰ জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়া, জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজাগৌৰাণ বসুমতাৰী, বন সংমণ্ডল প্ৰাধিকাৰী তথা সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular